পৃষ্ঠা:হেমকোষ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অপচয়্
অপযশ্
২৮

অপচয়্, স.শ. (সং. অপচয়্, হানি -- অপ, উপস. + চি, সংগ্রহ কৰ্) সংগ্ৰহৰ বিৰুদ্ধ কাৰ্য্য, হানি, নাশ, loss.

অপটু, বি. (সং. অপটু, অপাৰ্গত -- অ, ন + পটু, জনা) নজনা, অপাৰ্গত, unskillful. স.শ. নজনা বা মূর্খ মানুহ, an unskillful person.

অপঢ়ুৱা, বি. (অং. অ, নহয় + পঢ়ুৱা, পঢ়া) পঢ়িব নজনা, চহা, মূর্খ, unlearned, illiterate.

অপণ্ডিত্, বি. (সং. অপণ্ডিত, মূর্খ -- অ, নহয় + পণ্ডিত, বিদ্যাৱন্ত) অজ্ঞানী, অপঢ়ুৱা, মূর্খ, illiterate, unlearned. স.শ. অজ্ঞানী মানুহ, মূর্খ, an illiterate person.

অপত্য, স.শ. (সং. অপত্য়, সন্তান -- অ, ন + পতৃ, পৰ্‌) সন্তান, সন্ততি, যাৰ দ্বাৰা বংশ ৰক্ষা হয়, offspring, a male or female child.

অপত্য়-স্নেহ, স.শ. (সং. অপত্য-স্নেহ, সন্তানৰ মৰম -- অপত্য়, সন্তান + স্নেহ, মৰম) সন্তানলৈ মৰম, পুত্রস্নেহ, philoprogenitiveness, affection for one's offspring.

অপত্য়াভিলাষ্, স.শ. (সং. অপত্যাভিলাষ, সন্তান পাবৰ ইচ্ছা -- অপত্য, সন্তান + অভিলাষ, বাঞ্ছা) সন্তান জন্মাবৰ বাঞ্ছা, the desire of having children.

অপথ্, স.শ. (সং. অপথ, অবাট -- অ, নহয় + পথ, বাট) অবাট, আওবাট, বেয়া বাট, a wrong way, a had way.

অপথে, ক্রি. বি. অবাটে, আওবাটে, বেয়া বাটে, by a wrong or bad way.

অপথ্য, স.শ. (সং. অপথ্য়, নৰিয়া বঢ়োৱা খাদ্য় -- অ, নহয়, + পথ্য়, নৰিয়াৰ আহাৰ) নৰিয়াই খাবৰ অযোগ্য বস্তু, নৰিয়া বৃদ্ধি কৰা বস্তু, what is unfit as drink or food in particular diseases.

অপদস্থ, বি. (সং. অপদস্থ, বিষয়-গুচা -- অ, নহয় + পদস্থ, বিষয়ত থকা -- পদ, বিষয় + স্থা, থাক্) বিষয়-গুচা; এতেকে অপমানিত হোৱা, লাজত পৰা; যেনে, অমুক অপদস্থ হৈছে, discarded, displaced; dishonoured, disgraced; put to shame.

অপদার্থ, বি. (সং. অপদার্থ, অবস্তু -- অ, নহয় + পদার্থ, বস্তু) অকামিলা; বস্তু বুলিবৰ অযোগ্য, worthless. স.শ. অকামিলা বস্তু বা মানুহ, a worthless thing or person.

অপদেৱতা, স.শ. (সং. অপদেৱতা, উপদেৱতা -- অপ, উপস. + দেৱতা, স্বৰ্গৰ লোক) সামান্য় দেৱতা, ভূত, পিশাচ, an evil spirit.

অপনীত, কৃদ. বি. (সং. অপনীত, দূৰীকৃত -- অপ, উপস. + নীত, নিয়া) দূৰ কৰা, লৈযোৱা, গুচোৱা, taken away, removed.

অপ-ভাষা, স.শ. (সং. অপভাষা, নীচ ভাষা -- অপ, উপস. + ভাষা, বাক্য) নীচ বা সামান্য ভাষা, a vulgar or corrupt language.

অপভ্রংশ, স.শ. (সং. অপভ্রংশ, বিকৃত শব্দ -- অপ, উপস. + ভ্ৰংশ, নষ্ট হ) কোনো শব্দৰ বিকৃতি, কোনো শব্দ ভাগি হোৱা শব্দ; যেনে, কর্ণ শব্দৰ অপভ্রংশ কাণ, the corruption of a word, corrupted word.

অপমান্, স.শ. (অপমান, অৱমাননা -- অপ, উপস. + মান, সন্মান) অমর্য্য়দা, অৱমাননা, মানৰ হানি, disrespect, indignity, insult.

অপমানিত্, কৃদ. বি. লজ্জিত, তিৰস্কৃত, অপমান-পোৱা, not respected, insulted, disgraced.

অপমৃত্যু, স.শ. (সং. অপমৃত্যু, অপঘাত মৃত্যু -- অপ, উপস. + মৃত্যু, মৰণ) স্বভাৱত, অৰ্থাত নৰিয়াৰ পৰা হোৱাত বাজে আন প্ৰকাৰৰ মৃত্যু, an accidental death.

অপযশ্, (জ), স.শ. (সং. অপযশ, দুর্নাম -- অপ, উপস. + যশ, যশস্যা) দুর্নাম, কুচ্ছা, infamy.