পৃষ্ঠা:হেমকোষ.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অন্নপ্রাসন্
অপঘাত্
২৭

আহাৰ + পূর্ণ, পূৰ) দুৰ্গা-দেবী, আহাৰ দিয়া গোসানী, a name of Doorga, especially of that form of her in which she is supposed to give food to mankind, called also অন্নদা।

অন্নপ্রাসন্, স.শ. (সং. অন্নপ্রাসন, ভাত খুওৱা -- অন্ন, ভাত + প্ৰ, উপস. + অসন, খোৱা) লৰাক প্রথমতে ভাত খুওৱা ক্রিয়া, the ceremony of giving boiled rice to a child for the first time.

অন্য, বি. সৰ্ব্ব. (সং. অন্য়; আন) বেলেগ, পৰ, other. স.শ. আন লোক; যেনে, অন্য়ে যি কয় কওক, তুমি একো নকবা, another person.

অন্য়থা, বি. (সং. অন্য়থা, আন এপ্ৰকাৰ কৰা -- অন্য, আন + থা, প্ৰকাৰ) আন প্ৰকাৰৰ, লৰচৰ, বিপৰীত, changed, modified.

অন্য়ান্য়, বি. সৰ্ব্ব. (সং. অন্যান্য, আন-আন -- অন্য় + অন্য) আন-আন, কোনো-কোনো; যেনে, অন্যান্য লোকে কোৱাকুই কৰিছে, some other.

অন্যায়, বি. (সং. অন্যায়, অযুগুত -- অ, নহয় + ন্যায়, যুগুত) অযুগুত, অনুচিত, wrong, improper, স.শ. অনুচিত কাম, অবিচাৰ, impropriety, injustice.

অন্য়োন্য়ে, ক্রি.বি. (সং. অন্য়োন্য়, পৰস্পৰ) পৰস্পৰে, ইটোৱে-সিটোৱে; যেনে, সিহঁতে অন্য়োন্য়ে পৰিহাস কৰিছে, mutually.

অন্বয়, স.শ. (সং. অন্বয়, বাক্যৰ মাজৰ শব্দ বিলাকৰ পৰস্পৰ সম্বন্ধ -- অনু, উপস. + ই, গতি কৰ্) বাক্যৰ মাজত কথাবিলাকৰ পৰস্পৰ সম্বন্ধ বা মিল; যেনে, “মই যাওঁ” এই বাক্যত মই আৰু যাওঁ এই দুই কথাৰ অন্বয় বা পৰস্পৰ সম্বন্ধ হৈছে, (অৰ্থাৎ মই, প্ৰথম পুৰুষ, একবচন, যাওঁ, প্রথম পুৰুষ, একবচন), the natural connection or order of words in a sentence.

অন্বেষণ, কৃদ্. স. (সং. অন্বেষণ, বিচাৰণ -- অনু, উপস. + ইষ্, বাঞ্ছা কৰ্‌) বিচাৰণ, বুজবাজ, অনুসন্ধান, search, looking after.

অন্বেষা, স.শ. (সং. অন্বেষণ ঐ) অনুসন্ধান, বুজ বিচাৰ; এতেকে সন্মান, আদৰ; যেনে, “তোমাক অন্বেষা কৰে দশ-দিক পালে” (শঙ্কৰ) enquiring after; regard, respect (পদ্য়ত মাথোন)।

অপ, উপস. (সং.) অহিত, বেয়া, ইত্যাদি; যেনে, অপকাৰ, অপকৰ্ম্ম, a prefix signifying inferior, etc.

অপকৰ্ম্ম, স.শ. (সং. অপকৰ্ম্ম, কুকৰ্ম্ম -- অপ, ঐ + কৰ্ম্ম, কাম) বেয়া কাম, কুকৰ্ম্ম, পাপ, a vicious aet, a misdeed.

অপকর্ষ, স.শ. (সং. অপকর্ষ -- অপ, উপস. + কৃষ্, টানি আন্) টানি ওচৰ চপাই অনা বা চাপৰোৱা কাৰ্য্য, the act of drawing or pulling near or of lowering.

অপকলঙ্ক, স.শ. (সং. অপকলঙ্ক, অপবাদ -- অপ, উপস. + কলঙ্ক, চেকা) অপবাদ, কুকৰ্ম্মৰ দোষাৰোপ; ঘাইকৈ, মিছা অপবাদ, an accusation, especially a false one.

অপকাৰ্, স.শ. (সং. অপকাৰ, অহিত কাৰ্য্য -- অপ, উপস. + কৃ, কৰ) অহিত কৰণ, অনিষ্ট, হিংসা, injury, mischief.

অপকাৰক্, অপকাৰী, বি. (সং. অপকাৰিন্ -- অপকাৰ + ইন্‌) অহিত কৰা, injurious. স.শ. অহিতকাৰী পুৰুষ, a man who injures another. (স্ত্ৰী) অপকাৰিণী।

অপকৃষ্ট, বি. (সং. অপকৃষ্ট, মন্দ -- অপ, তললৈ + কৃষ্, টান্) অধম, নীচ, বেয়া, low, vile, inferior.

অপঘাত্, বি. (সং. অপঘাত, আকস্মিক -- অপ, উপস. + ঘাত, মাৰণ) অকস্মাত হোৱা, অস্বাভাবিক (মৃত্যুত খাটে); যেনে, অপঘাত মৃত্যু, unusual, accidental (said of death).