পৃষ্ঠা:হেমকোষ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অণ্ঠেকণ্ঠে
অতিক্ৰম
১১

ভাগ, নেলীৰ বাট; যেনে, অণ্ঠকণ্ঠ নিৰুদ্ধ হৈছে, the passage of the throat.

অণ্ঠেকণ্ঠে, ক্রি.বি. টেটুলৈকে, ডিঙ্গিৰ গোৰলৈকে; যেনে, অণ্ঠেকণ্ঠে শুকাই নিছে, up to the throat.

অণ্ড, স.শ. (সং. অণ্ড, ঘূৰণীয়া বস্তু) কণী, ডিমা; পুৰুষৰ বীৰ্য্য় উৎপাদক গুটি, an egg; a testicle.

অণ্ডকোষ, স.শ. (সং. অণ্ডকোষ-- অণ্ড, ঐ + কোষ, ভৰাল) পুৰুষ-শক্তিৰ জোলোঙ্গা, the scrotum.

অণ্ডজ্, বি. (সং. অণ্ডজ-- অণ্ড, কণী + জন্, ওপজ) কণীৰ পৰা জন্ম হোৱা; যেনে, চৰাই, oviparous.

অণ্ডাকাৰ, অণ্ডাকৃতি, বি. (সং. অণ্ডাকাৰ, অণ্ডাকৃতি -- অণ্ড, কণী + আকাৰ, আকৃতি, গঢ়) কণীৰ নিচিনা, দুই মূৰ জোঙ্গা আৰু মাজ ডাঙ্গৰ; ঘুৰণীয়া, egg-shaped; round.

অণ্ডাধাৰ্, স.শ. (সং. অণ্ডাধাৰ -- অণ্ড, কণী + আধাৰ, যি ধাৰণ কৰে) মাইকীৰ যি ভাগত সন্তান জন্মোৱা কণী উৎপন্ন হয়, the ovary.

অতএৱ, যো. অব্য. (সং. অতএৱ, এতকেহে-- অতঃ, এই কাৰণে + এৱ, হে) এই কাৰণে হে, এই নিমিত্তে হে, এতেকে হে, therefore, hence, for this reason only.

অতপা, বি. (সং. অতিপাত -- অতি, অধিক + পত্‌, গতি কৰ) বৰকৈ বঢ়া, সাধাৰণকৈ অতিৰিক্ত হোৱা; যেনে, এই ধান ডৰা অতপা হৈছে; ডেও-পৰা, মূৰে বাট-বুলা, বৰ দুষ্ট (প্ৰায়ে লৰাত খাটে); যেনে, অতপা লৰা, exuberant in growth, luxuriant; very naughty.

অতপাকৈ, ক্রি.বি. যিমান হব লাগে তাতকৈ অধিকৰূপে; দুষ্টালিকৈ, luxuriantly; wickedly, naughtily.

অতপালি, গু.শ. বৰ দুষ্টালি, উদ্ভণ্ডালি, naughtiness, wickedness.

অতৰণ, “আতৰণ” চোৱা।

অতর্ক, বি. (সং. অতৰ্ক্য, বুজিব নোৱৰা) বুদ্ধিৰ অগম্য়, বুজিব নোৱৰা; যেনে, ঈশ্বৰৰ অতর্ক মহিমা; অদৃশ্য, মনিব নোৱৰা; incomprehensible, inscrutable, imperceptible.

অতর্কিত্, ক্রি.বি. (সং. অ, নহয় + তর্কিত, বিবেচনা কৰা) চকুৰে নমনা, নেদেখা, নুবুজা; যেনে, অতর্কিত ৰূপ, unseen; not comprehended, unperceived.

অতৰ্‌চেলাই, বি. (সং. অত্বক চেল, ছাল, বা কাপব নথকা) নিছলা, বৰ খীণ, হাড়ওলোৱা, wasted away, emaciated. (চহা)।

অতল, বি. (সং. অতল -- অ, ন + তল, তলি) যাৰ তলি পোৱা নেযায়, অগাধ, আথাউনি, bottomless, unfathomable. স.শ. পৃথিবীৰ তলৰ সাত লোকৰ প্ৰথমখান, the first of the seven regions under the earth.

অতলস্পর্শ, বি. (সং. অতলস্পর্শ -- অ, ন + তলস্পর্শ, তলি-পোৱা; যাৰ তলি ছুবলৈ পোৱা নেযায়) অগাধ, আথাউনি; যেনে, অতলস্পর্শ সাগৰ, bottomless, unfathomable.

অতি, উপস. আন শব্দৰ আগত থাকি অধিক আদি অনেক অর্থ-বুজোৱা মাত; যেনে, অতিৰিক্ত, অতিসাৰ, ইত্যাদি, a prefix signifying much, beyond, etc.

অতি, বি.বি. (সং. অতি -- অত্, গতি কৰ্) বৰ, অতিশয়, অত্য়ন্ত, exceedingly.

অতিকৈ, ক্রি.বি. অতিশয়ৰূপে, বৰকৈ, অধিককৈ, very much, excessively. অতি শব্দ বিশেষণীয় বিশেষণ, আৰু বিশেষণৰ গুণ দেখায়; যেনে, অতি সুন্দৰ, অতি ভাল, অতি ডাঙ্গৰ, অতি বুঢ়া; অতিকৈ ক্রিয়া বিশেষণ, সি ক্রিয়াৰ গুণ দেখায়; যেনে, সি অতিকৈ বাঢ়িছে, অতিকৈ খালে অজীর্ণ হয়, সি কথাবোৰ অতিকৈ কয়।

অতিক্রম, স.শ. (সং. অতিক্রম -- অতি, উপস. + ক্ৰম, গতি কৰ্) পাৰ হৈ যোৱা কাৰ্য্য়; যেনে, সাগৰ অতিক্ৰম কৰি, সীমা অতিক্ৰম কৰি, transgression or passing over.