পৃষ্ঠা:হেমকোষ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অতিথি
অত্যুক্তি
১২

কাৰ্য্য়; যেনে, সাগৰ অতিক্ৰম কৰি, সীমা অতিক্ৰম কৰি, transgression or passing over.

অতিথি, স.শ. (সং. অতিথি, আলহী -- অতু, গতি কৰ্; এঠাইৰ পৰা আন এঠাইলৈ যায়, এতেকে) আলহী, কোন ঠাইৰ পৰা আহি এজনৰ ঘৰত ৰোৱা বা ৰাতি থকা মানুহ (স্ত্রী, পুং), a person come to the house of another, a visitor, a guest.

অতিথি সেৱা, স.শ. (সং. অতিথি সেৱা, অতিথিৰ শুশ্রূষা) আলহীক ঠাই আৰু আহাৰাদি দিয়া কাৰ্য্য, hospitality.

অতিৰথী, স.শ. (সং. অতিৰথিন্, ডাঙ্গৰ যোদ্ধা -- অতি, ডাঙ্গৰ + ৰথিন্, ৰথত উঠি যুজোতা) ডাঙ্গৰ যোদ্ধা, বৰ বীৰ বা ৰণুৱা, a great warrior.

অতিপাত, বি. (সং. অতিপাত, অত্যন্ত -- অতি, অতিৰিক্ত + পত্, গতি কৰ; সীমাৰ বাজ হই যায়, এতেকে) অতিৰিক্ত, পৰিমাণতকৈ অধিক বা ডাঙ্গৰ; যেনে, অতিপাত পাতকী, অতিপাত কানীয়া, excessive, going beyond bounds.

অতিৰিক্ত, কৃদ.বি. (সং. অতিৰিক্ত, অত্যন্ত -- অতি, উপস. + ৰিচ্‌, বৈ যা) প্রয়োজনতকৈ অধিক; নিৰূপিত পৰিমাণতকৈ সৰহ, উপৰীয়া, excessive; extra.

অতিশয়, বি. (সং. অতিশয়, অত্যন্ত -- অতি, অধিক + শী, শয়ন কৰ্) অতি, বৰ, অত্যন্ত; যেনে, অতিশয় ডাঙ্গৰ হাতী, exceedingly, very.

অতিশয়্‍ৰূপে, ক্রি.বি. বৰকৈ, অধিককৈ, সৰহকৈ; যেনে, অতিশয়ৰূপে খায়, excessively, beyond bounds.

অতিসাৰ, স.শ. (সং. অতিসাৰ, বৰ ভেদ -- অতি, উপস. + সৃ, চল্‌) পেট-চলা নৰিয়া, ভেদ হোৱা নৰিয়া, diarrhea.

অতীজ্, বি. (সং অতীত, গত) গত পূৰ্ব্বে হৈ যোৱা (কালত খাটে); যেনে, অতীজ কালত, past. স.শ. গত কাল, প্রাচীন কাল, ancient time.

অতীত, বি. (সং. অতীত, গত, অতু যা) গত হোৱা, যোৱা, past,

অতুল্, অতুল্য়, বি. (সং. অতুল, অতুল্য়, অনুপম -- অ, ন + তুল্, জোখ) তুলনা-নথকা, অনুপম, তুলনা কৰিব নোৱৰা, incomparable.

অতুষ্ট, বি. (সং. অতুষ্ট, অসন্তুষ্ট -- অ, ন + তুষ্ট, সন্তোষ পোৱা) সন্তুষ্ট নোহোৱা, তৃপ্তি-নোপোৱা; খং-হোৱা, dissatisfied; displeased.

অতুষ্টতা, অতুষ্টি, গু.শ. (সং.) সন্তোষ নোপোৱাৰ অৱস্থা, খং, dissatisfaction, displeasure.

অতৃপ্ত, বি. (সং. অতৃপ্ত, তৃপ্তি নোপোৱা -- অ, ন + তৃপ্ত, সন্তোষ পোৱা) সন্তোষ-নোপোৱা, তৃপ্ত-নোহোৱা, হেঁপাহ নপলোৱা, unsatisfied, not contented.

অতৃপ্তি, স.শ. (সং.) তৃপ্তিৰ অভাৱ, insatiableness.

অত্যন্ত, বি.বি. (সং. অত্যন্ত, বৰ -- অতি, উপস. + অন্ত, শেষ) অতিশয়; বৰ, অতি; যেনে, অত্যন্ত বৃহৎ, much, excessively.

অত্যন্ততা, স.শ. (সং.) আধিক্য, অধিক পৰিমাণ; প্রবলতা, excessiveness.

অত্যন্তৰূপে, ক্রি.বি. (অত্যন্ত + ৰূপে) অতিশয়ৰূপে, অধিকৰূপে, বৰকৈ, excessively.

অত্যাচাৰ্, স.শ. (সং. অত্যাচাৰ -- অতি, অধিকৰূপে + আচাৰ, ব্যৱহাৰ) আনৰ প্ৰতি দুষ্ট ব্যৱহাৰ, ঢাঁহিমুহি দুখ-দিয়াৰ কাৰ্য্য়, oppression.

অত্যাচাৰী, বি. (সং. অত্যাচাৰিন্‌) দুষ্ট ব্যৱহাৰকাৰী, ঢঁহা-মোহা, লোকৰ প্ৰতি অন্য়ায় আচৰণ কৰা, oppressive. স.শ. ঢঁহা-মোহা মানুহ, লোকৰ প্ৰতি অন্য়ায় আচৰণ কৰোঁতা, an oppressor.

অত্যুক্তি, স.শ. (সং. অত্যুক্তি, বঢ়াই কোৱা -- অতি, অধিক + উক্তি, কোৱা) বৰকৈ বঢ়াই কোৱা কথা, ডাঙ্গৰ উক্তি, বৰ কথা; সৰু কথাক ডাঙ্গৰকৈ উক্তি কৰা এটা লক্ষণা, exaggeration; hyperbole.