পৃষ্ঠা:হেমকোষ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪ উচ্চাৰিত আৰু লিখিত হয়। স্বৰূপাৰ্থত সেইবিলাক আৰু আমাৰ ভাষাত চলিত সিহঁতৰ নিচিনা আন অনেক শব্দ সংস্কৃতৰ অপভ্ৰংশ। অপভ্ৰংশ শব্দ যে তাৰ মুলৰ নিয়মৰ বিৰুদ্ধ, তাক কবৰ সকাম নাই। বিস্তৰ অপভ্ৰংশ সংস্কৃত শব্দ বহুকাল আমাৰ ভাষাত চলি থাকি তাৰ অস্বৰূপ হৈছে। এতিয়া সিহঁতক অশুদ্ধ বুলি এৰিব নোৱাৰি, এৰিলেও অসমীয়া ভাষাৰ ছাল বঙ্গহ গৈ কাটে। মাথোন থাকিব। এতেকে তেনেবিলাক শব্দৰু এই অভিধানত ঠাই দিয়া গৈছে। কিন্তু আগলৈ যেন নতুন অশুদ্ধ শদ আমাৰ ভাষাত নোসোমায়, তাৰ কাৰণ আমি সাবধান হব লাগে। আমাৰ ভাষাত কিছুমান অপভ্ৰংশ সংস্কৃত শব্দ চলি আছে, অকল এয়ে নহয়, বহুত মূল সংস্কৃত শব্দে নিজ অৰ্থত বাজে অন অৰ্থে। লৈছে; তাৰ উদাহৰণ সংস্কৃত “মোহ” শব্দে অসমীয়াত তাৰ অৰ্থৰ বাহিৰে মৰম বুজায়। কোনো কোনো সংস্কৃত শব্দৰ, আকৌ, মুলৰ অৰ্থ গোটেই লৰিছে। তাৰ প্ৰমাণ --সং, “অনুব” শব্দৰ অৰ্থ আৰম্ভ, সম্বন্ধ, বেগৰ লক্ষণ ইত্যাদি, কিন্তু অসমীয়াত আগৰ পৰা চলি অহা দস্তুব; সং. প্ৰবোধ (অৰ্থ) জাগৰণ, জ্ঞান, অং সান্ত্বনা বা সুতনি। এই দৰেই বুজিব লাগে। অসমীয়াত চলিত সংস্কৃতব অকি আন আন ভাসাব অনেক অপভ্ৰংশ শব্দে ও সিহঁতৰ মূলতকৈ অন্য অৰ্থ বুজায়। তাৰ উদাহৰণ সং. ‘মাস” শব্দৰ অৰ্থ মাটি মহ; কিন্তু তাৰ অপভ্ৰংশ “হ” শব্দ হেঁইত উৎপন্ন আৰু মানুহব খাদ্য সকলো গুটিত খাটে; যেনে, ম মাহ, মচুৰ মাহ; সং. অগ্ৰমাংস (অৰ্থ), অমঠু, তাৰ অপভ্ৰংশ অং, আগ মঙ্গহ (অৰ্থ) বুকুত থকা এডোখৰ বঙ্গটীয়া মই; বং, বনা (অৰ্থ), চেউৰী গাই, অং. বখমিয়া (অৰ্থ), পিয়ন ছব। (গক বা মহৰ পোৱালি); ফাং, কলেজা (অৰ্থ) আগ মহ, অং. কলিজা, (অৰ্থ), আমঠু ইত্যাদি। লিঙ্গ। অসমীয়াত মতা বুজোৱা শব্দ পুল্লিঙ্গ অৰু মাইকী বুজোৱা শব্দ স্ত্ৰীলিঙ্গ; যেনে, (পুং.) মুনিহ, (স্ত্ৰী) তিৰোতা; (পুং.) স্বামী, (স্ত্ৰী) ভাৰ্য্য; (পুং,) বাঘ, (স্ত্ৰী) বাঘিনী, ইত্যাদি। সত৷ নে মাইকী চিনিব নোৱৰ জন্তুৰ নাম বুজোৱা শব্দ ক্লীবলিঙ্গ; যেনে, পোক, পৰুৱা, মাছ, ইত্যাদি। জীবহীন বস্তুৰ নামো ক্লীবলিঙ্গ; যেনে, মাটি, পানী, কাপোৰ, ইত্যাদি। কিছুমান শব্দ দিলিঙ্গ, অৰ্থাৎ পুং, স্ত্ৰী, দুয়ো লিঙ্গ কুজায়; যেনে, মানুহ, মহ, গক, পই, ইত্যাদি। এই শ্ৰেণীব শব্দৰ আগত মা, মাইকী নাইবা পুলিঙ্গ বা স্ত্ৰীলিঙ্গ বুজোৱা অন শব্দ দি লিঙ্গৰ প্ৰভেদ কৰা যায়; যেনে, মতা মানুহ, মাইকী মানুহ, মতা মহ, মাইকী মহ; বলদ-গৰু, গাই- গৰু, ইত্যাদি। বিশেষ্যৰ যি লিঙ্গ, বিশেষণৰো সেই লিঙ্গ হয়, আৰু অনেক পুলিঙ্গ বিশেষণ স্ত্ৰীলিঙ্গত গঢ় লৰে; যেনে, সুন্দৰ পুৰুষ, সুন্দৰী স্ত্ৰী; ৰঙ্গা-বলদ, ৰাঙ্গলী-গাই; কুঁজা মুনিহ, কুঁজী তিববতা। বিশেষণৰ গঢ় নলৰিলেও বিশেষ্যৰ লিঙ্গকে বিশেষণ লিঙ্গ বুলি জানিব লাগে; যেনে, ভাল মুনিহ, ভাল তিৰোতা, ভাল কাপোব।