পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(৫৮) আৰু নিন্দণীয় হয় আৰু পৰকালে পতিলোকৰ পৰা পতন হৈ অশেষ পাপ, ভোগ কৰে। স্বামীত্, বাহিৰে অপৰ পুৰুষৰ পৰা ওপজোৱা পুত্ৰে তিৰোতাৰ, আকৌ সহধৰ্মিণীত্ বাহিৰে অপৰৰ তিৰোতাত ওপ জোৱা সন্তানে পুৰুষৰ কোনো ফল নহয়। শাস্ত্ৰ কৰ্তা সকলে এনেকৈ ওপলোৱা পুত্ৰক পুত্ৰ বুলি স্বীকাৰ কৰা নাই। কোনো শাস্ত্ৰে সাধ্বী সকলৰ দ্বিতীয় ভৰ্ত্তা গ্ৰহণৰ উপদেশ দিয়া নাই। নিজৰ পতি নিদ্ধনী, ৰূপ গুণ নাই বুলি ঘৃণা কৰি, যি স্ত্ৰীয়ে তা পৰিত্যাগ কৰি, অপৰ যি উৎকৃষ্ট পুৰুষৰ আশ্ৰিত্ হয়;তাই ইহ লোকে নিন্দণীয় হয় আৰু পৰকালে শৃগাল যোনিত জন্ম ধৰে আকৌ নানা প্ৰকাৰ পাপে আক্ৰান্ত হৈ আতিশয় পীড়া ভোগ কৰে। যি বোৰ তিৰোতাই কায় - মনো -বাক্যে স্ত্ৰীধৰ্ম্মেতে থাকি কাল কটায় তাই ইহকালত পৰম কীৰ্ত্তি লাভ কৰে আৰু মৰিও পতিলোকে গমন কৰে । শাস্ত্ৰৰ মৰ্ম্ম এই যে স্ত্ৰীজাতিৰ জাতকৰ্ম্ম, স্মৃতি আৰু বেদাদি ধৰ্ম্ম শাস্ত্ৰ আৰু কোনা মন্ত্ৰত্ অধিকাৰ নাই। বিংশ অধ্যায়। স্ত্ৰী সম্বন্ধে পুৰুষৰ কৰ্ত্তব্য কাম; আৰু পুত্ৰোৎপাদন। স্ত্ৰীজাতি সৰ্ব্বাদায় যত্নেৰে ৰক্ষণীয়, কাৰণ কুলঙ্গাদি যোগে স্ত্ৰীৰ চৰিত্ৰাদি বেয়া হলে, সেই স্ত্ৰী পিতৃ-ভৰ্ত্ত ( স্বামী ) উভয় কুলকেই সন্তাপৰ