________________
(৫৭) তিৰোতা বোৰে সদাই প্ৰসন্ন মনে কাল কটাব, গৃহস্থালী কামত পাৰগ হব, ঘৰৰ বস্তু বাহানীবোৰ পৰিষ্কাৰ আকৌ যথাস্থানে সজাই ৰাখিব আৰু কিছু ব্যয় কুণ্ঠিত হব। বাপেক, ভায়েক আদিয়ে যাক ধৰ্ম্মত দান কৰিছে, সেই স্বামীক জীৱিত থকা কালত সেৱা শুশ্ৰুষা কৰা আৰু মাৰিলেও তেওঁক উলঙ্ঘন নকৰি ব্যাভিচাৰিণী নোহোৱা তিৰোতাৰ প্ৰধান ধৰ্ম আৰু কৰ্ত্তব্য কাম। বিয়াৰ সময় যি বোৰ পূণ্যাহ বচন আৰু প্ৰজাপতি দেৱতাৰ উদ্দেশে হোম কৰা হয়, সি কেৱল স্বামী-স্ত্ৰী দুইৰো মঙ্গলৰ নিমিত্তে হে। আকৌ বিয়াত যি বাক্যদান কৰা হয়, তাৰ পৰা স্ত্ৰীৰ ওপৰত স্বামীৰ সম্পূৰ্ণ স্বামিত্ব জন্মে। পতিয়ে ঘৈগীৰ ইহকাল পৰকাল দুইও কালৰে সুখ দাতা। দুষ্ট, পৰদাৰ পৰায়ণ, বিদ্য়াদি কোনো গুণ নথকা পতিকো অবহেলা নকৰি; স্ত্ৰীয়ে সদায় দেৱতাৰ নিচিলা সেৱা কৰিব। তিৰোতাৰ পতিৰ বাহিৰে আন কোনো যজ্ঞ নাই; পতিৰ বিনা আদেশে ব্ৰত আৰু উপবাশ নাই,কেৱল পতি সেবাৰ দ্বাৰাই স্ত্ৰীলোকে স্বৰ্গলৈ যায়। তিৰোতা বোৰ মহা কল্যাণকৰ আৰু মান্য়াৰ্হ। গৃহত শ্ৰী আৰু স্ত্ৰী এই দুইৰ ভিতৰত একো প্ৰভেদ নাই; অৰ্থাৎ স্ত্ৰীয়েই লক্ষ্মীশ্বৰূপা। | স্বামী জীয়াই থাকক কিম্বা মৃত্যুই হওক স্ত্ৰীয়ে পতিলোক পাবৰ কামনা কৰি, কেতিয়াও তাৰ অপ্ৰিয়াচৰণ নকৰিব। পতি মৰিলে স্ত্ৰীয়ে ক্লেশ সহি, অৰ্থাৎ মধু, মাংস, মৈথুনাদি পৰিত্যাগ কৰি ,কেৱল নিৰামিষ্য আৰু ফল-মূল ভোজন ক্ৰমে দেহত্য়াগ কৰিব; আৰু কেতিয়াও পতি নথকাৰ কাৰণে পৰপুৰুষৰ নামো নলব। সন্তান লাভ নোহোৱাতে স্বামীৰ মৃত্ব্য হলেও সতীস্ত্ৰী সকলে কেৱল উক্তৰূপ ব্ৰক্ষ্মচৰ্য্য় বলে স্বৰ্গলৈ যাব পাৰে। যিবোৰ স্ত্ৰীয়ে সন্তানৰ কাৰণে স্বামীক অবজ্ঞা কৰি ব্য়ভিচাৰিণী হয়, তাই নিশ্চয় ইহকালে অনেক ৰোগগ্ৰস্ত