পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আৰু মানুহ জন্মিবৰে পৰা মৃত্যুকাল লৈক সময় অনুযায়ী ঈশ্বৰৰ স্থাপিত নিয়ম প্ৰণালী 'বোৰ পালন কৰিবৰ উপায় বোৰ যথা সাধ্য সকলোৱে বুজিব পৰাকৈ বিশেষতঃ শাক্ত বৈষ্ণব উভয় সম্প্ৰদায় উপযোগী কৰি, সৰল ভাষাত লেখা হৈছে।
 ইয়াৰ শেষত “শেষাৱস্থা” আৰ্থাৎ কেৱল ধৰ্ম্ম সম্বন্ধে লিখোতে বৰ্ত্তমান কোনো কোনো কেৱলীয়া ভকত সকলৰ ব্যবহাৰে সৈত কিছু অমিল হব পাৰে; আৰু সেই বাবে তেঁৰা সৱৰ ভিতৰত কোনো কোনোৱে মোক বেজাৰ পাবও পাৰে, কিন্তু বেজাৰ কৰিও যদি তেৰাসবে ইয়াত লেখা সিদ্ধ পুৰুষ কেৱল ধৰ্ম্মাবলম্বী “শ্ৰীৰাম আতা” প্ৰকৃতিৰ আহি সুৱৰি নিজ নিজ দোষ কিছু পৰিমাণে সংশোধন কৰে , তেন্তে মই কৃতাৰ্থ জ্ঞান কৰিম।
 “দায়ভাগ” সম্বন্ধ বেছি বহলাই নিলিখি বৰ্ত্তমান কালত যিবোৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বোৰ মাথোন লিখা হল।
 পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰত যি বোৰ কথা অতি দৰ্কৰি আৰু সন্দেহজনক, সেই বোৰৰ সাখী স্বৰূপ মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।
 মই কতিপূৰ্ব্বে “বিশ্বদৰ্প” পুথি খনি লেখি উলিৱাত আমাৰ অসমদেশৰ জ্ঞানী সমাজত আদৰণীয় হোৱা দেখি, বিশেষতঃ শ্ৰীশ্ৰীযুক্ত আউনি আটীয় গোস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্ৰৰ বৰ্ত্তমান অধিকাৰ শ্ৰীযুক্ত মহীৰাম শৰ্ম্মা বিদ্যাৰত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পৰ্শুৰাম শৰ্মা খাউন্দ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী, শ্ৰীযুক্ত ৰজনীকান্ত বৰদলৈ আৰু ৰায় বাহাদুৰ মাধৱচন্দ্ৰ বৰদলৈ বিদ্বান আৰু সৰ্ব্বজ্ঞ মহাত্মা সকলে আদৰ কৰি, নিজ নিজ লিপিৰে উৎসাহ, দি-তেনেকুৱা কৈ আকৌ