পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পাতনি।

  পৰমেশ্বৰে যিমান প্ৰাণী সৃজন কৰিছে, সেই এটাইৰে ভিতৰত মানুহেই শ্ৰেষ্ঠ। মানুহ শ্ৰেষ্ঠ হবৰ কৰণ এই যে সংসাৰত অন্যান্য যি সকল জীব জন্তু আছে, সেই বোৰৰ বিবেক শক্তি, ধৰ্ম্ম জ্ঞান, আহাৰ বিহাৰ, উন্নতি, অবনতি আৰু নিয়ম প্ৰণালী একো নাই। মানুহৰ হলে এই সকলো আছে। এতেকে মনুষ্য জন্ম ধৰি যি ঈশ্বৰৰ নিয়ম বোৰ পালন নকৰে, তাৰ মনুষ্যত্ব নেথাকে, আৰু তাৰ ফলে ইহকাল, পৰকাল উভয়তে কষ্ট ভোগ কৰিব লগাত পৰে।
 মানুহৰ যি বোৰ কৰ্তব্য কাম আছে, সেই বোৰ আচৰণ কৰি, কেনেকৈ আধ্যাত্মিক বলেৰে পাপৰিপু বিলাকক জীবন যুদ্ধত জিনিব লাগে আৰু হৃদ্বয়ৰ ধৰ্ম্ম গছ জুপিক তললৈ শিপা মেলিবলৈ দিব লাগে ইত্যাদি বিষয় আৰ্য্য় সকলে ঠিক ৰূপে ভাষাৰে লেখি থৈ গৈছে। সেই বোৰৰ সাধাৰণ নাম শাহ। সেই শাস্ত্ৰ সকলৰ মত নেমানি যি সংসাৰত থাকে, তাকে নাস্তিক আৰু অনাচাৰী বোলে। আমাৰ হিন্দু শাস্ত্ৰ মতে এই নাস্তিকক কোনো মতেই ধাৰ্ম্মিক বুলিব নোৱাৰি। এতেকে মনুষ্য মাত্ৰই শাস্ত্ৰৰ নিয়ম প্ৰণালী বোৰ জনা আৰু পালন কৰা কৰ্ত্তব্য কাম। কিন্তু শাস্ত্ৰ কেবল এখন নহয় যে তাকেই পঢ়ি শুনি অভিজ্ঞতা লাভ কৰিব পাৰি। শাস্ত্ৰ সমুদ্ৰৰ নিচিনা অগাধ। সেই দেখি সকলো মানুহে এটাইবোৰ শাস্ত্ৰ পঢ়ি শুনি জ্ঞান লভা কঠিন বিশেষতঃ বৰ্ত্তমান সময়ত, আমালোকৰ মাজত অতি কম সংখ্যক মানুহৰ ভিতৰতে মাথোন ঈশ্বৰৰ কৃত নিয়ম বোৰ পালন কৰা যেন অনুমান হয়। সেই হেতুকে কেই খন মান নীতি শাস্ত্ৰৰ সাৰ সংগ্ৰহ কৰি এই “হিন্দু-ধৰ্ম্ম-সাৰ” নামে পুথি খনি লেখা হ’ল।
 ইয়াত প্ৰথমে সৃষ্টি প্ৰকৰণ আৰম্ভ কৰি, ক্ৰমে জীৱ-জন্তুৰ সৃষ্টি