পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

________________

মুখৰ পৰা পাণী কণা ওলাই গাত্ পৰিলে, তাত্, গা চুৱা নেযায়, শ্মশ্ৰু ( ডাঢ়ি-গোঁফ) মুখত সোমালে আৰু উলিয়া বলৈ যত্ন কৰিও উলিয়াব নোৱাৰা দাঁতৰ মাজত থকা অন্নাদিৰ পৰা চুৱা নহয়। আনক মুখ ধুবলৈ ঢালি দিবাৰ সময় যদি পানী চিটা ভৰিত বা গাত পৰে তাতও চুৱা নহয়। কেইবা বেলি গা চলিলে বা বাঁতিয়ালে গা ধুই ঘিউ খালে আৰু ভাতগ খোৱাৰ পিছত বাঁতিয়ালে আচমন কৰিলেই শুদ্ধ হয়। | টোপনিৰ পৰা উঠি, হাচিয়াই, খাই উঠি খেকাৰ পেলাই, মিছ। কথা কৈ আৰু ক্ষুদ্ৰ ভোজন কৰি, বেদাদি শাস্ত্ৰ পঢ়িব লাগিলে আচমন কৰিহে পঢ়িব লাগে। উনবিংশ অধ্যায়। স্ত্ৰীধৰ্ম্ম। | তিৰোতা বোৰৰ বয়সানুসাৰে ছোৱালী, গাভৰু আৰু বৃদ্ধ এই তিনি কাল বিভাগ আছে। এই তিনি ও কালৰ কোনো সময়ে নিজ ঘৰত থাকি, কোনও কাম স্বাধীন ভাবে কৰা উচিত নহয়। স্ত্ৰীলোক ছোৱালীতে পিতৃৰ বশে, গাভৰু কালত স্বামীৰ বশে আৰু স্বামী মৰিলে বৃদ্ধকালে পুত্ৰৰ বশে থাকিব; কিন্তু কেতিয়াও স্বাধীন হৈ নে থাকিব। স্বাধীন হৈ থাকিলেই তিৰোতাই পিতৃ-মাতৃ উভয় লকে দূষিত কৰে।