পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


________________

যি লোকে পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, তেওঁ মূত্ৰাশৌচে লিঙ্গে এবাৰ; বাম হাতে ৩ বাৰ তাৰ পিছে আকৌ দুই হাতে দুবাৰকৈ মাটি পাণী লব। মৈথুনৰ পিছত ইয়াৰ দুগুণ। মৈথুনৰ পিছত মূত্ৰ ত্যাগ কৰিলে মূত্ৰাশৌচৰ চাৰি গুণ। মল ত্যাগন্তে লিঙ্গে এবাৰ, গুহ্য়ে তিনিবাৰ, বামহাতে দহবাৰ; আকৌ উভয় হাতে সাত্, সাত্, বাৰ আৰু দুইও ভৰিত ছয় বাৰকৈ পাণী সহিতে মাটিলব।* এই নিয়ম গৃহবাসী সকলোৰ পক্ষে বিধবাৰপক্ষে ইয়াৰ দুগুণ; সতী, বৈষ্ণৱ, ব্ৰহ্মযি আৰু ব্ৰহ্মচাৰিৰ পক্ষে ইয়াৰ চাৰি গুণ, বাণপ্ৰস্থী আৰু উদাশীনৰ পক্ষে তাৰ ছয় গুণ, যতীসন্ন্যাসীৰ পক্ষে তাৰ আঠগুণ জানিব। | মল-মূত্ৰ ত্যাগৰ পিছত শুদ্ধহৈ আচমন কৰি, ইন্দ্ৰিয়চ্ছিদ্ৰ বিলাক স্পৰ্শ কৰিব। বেদ শাস্ত্ৰাদি পঢ়িবৰ সময় আৰু অন্ন ভোজন কৰিও সদাই এই ৰূপে আচমন কৰিব। আচমন কালে তিনি বাৰ জলপান আৰু দুবাৰ মুখ মাৰ্জন কৰিব লাগে। স্বধৰ্ম্ম পৰায়ণ শাস্ত্ৰজ্ঞ শূদ্ৰে মাহে মাহে কেশ মুণ্ডন কৰিব,জনম মৰণে বৈশ্যৰ ন্যায় অশৌচ্ পালন কৰিব। আৰু ব্ৰাহ্মণৰ অৱশিষ্ট ভোজন কৰিব। যেনেং-শূদ্ৰানাং মাসিকং কাৰ্যবপনং ন্যায় বত্তিনাম্। বৈশ্যবচ্ছৌচকম্পশ্চ দ্বিজোচ্ছিষ্টঞ্চ ভোজনম্॥ ১৪ | (ইতি মনুঃ অঃ) (১) বৈষ্ণৱ ধৰ্মাবলম্বীৰ ভিতৰত কাৰো কাৰো মতে ইয়াতকৈ বেচি পৰিমাণে মাটি-পানী লোৱাৰ নিয়ম আছে। বাহুল্য হেতু ইয়াত লেখা নহল। | (২) উইৰ মাটি, ইন্দুৰৰ মাটি, অন্তৰ্জ্জল, মাটি, হালত উঠা মাটি, দুবুৰি বনৰ গুৰিৰ মাটি, শস্য স্থানৰ, শুৱা ঠাইৰ, চাৰি আলিৰ মুৰৰ বাগিছাৰ মাটি, গৰুৰ বাটৰ আৰু গৰু চৰোৱা পথাৰৰ মাটি এই সমস্ত ঠাইৰ মাটি, মাটি পানীত ব্যবহাৰ কৰিব নে লাগে।