পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৫৩ ) সকলৰ সন্ন্যাস ধৰ্ম্ম গ্ৰহণ কিম্বা প্ৰবাস দ্বাৰাই, পানীৰে বাহ দেহ, সত্য বলে মন বিদ্যা আৰু ঈশ্বৰ চিন্তাৰে জীবাত্মা আৰু জ্ঞানেৰে বুদ্ধিৰ শোধন হৈ থাকে। অষ্টাদশ অধ্যায়। দ্ৰব্য শুদ্ধি। আৰু শৌচাচাৰদিৰে দেহ পবিত্ৰ ৰখাৰ নিয়ম। সোণা ৰূপা আদি ধাতু সকল শিলৰ বস্তু, শঙ্খ, মুক্তা ইত্যাদিৰ পাত্ৰ সকল পানী আৰু অগ্নিৰে শুদ্ধ হয়। যেনে সোনা আৰু ৰূপা, পানী আৰু অগ্নিৰে, তাম. কাঁহ, লো, পিতল, ৰাং, সীহৰ পাত্ৰ সকল চাই, টেঙ্গা আৰু পানীৰে শুচি হয়। ঘিউ তেল আদি জলীয় বস্তুবোৰ কাউৰী আদিৰে দোষীত হলে বেগত পৰিমাণ তিনি ডালি কুহেৰে লাৰিলে শুদ্ধ হয়। যজ্ঞ আৰু হৰি সেৱাত ব্যৱহাৰ্য্য় কাঠৰ দ্ৰব্য বোৰ অপবিত্ৰ হলে ঘিউ কিম্বা তেল ঘহী পিছত তপত পানীৰে ধুই পেলালে শুচি হয়। বেচি ধান বা অনেক কাপোৰ শাক আৰু ফলাদি কোনও + এই দ্ৰব্য শুদ্ধি বিষয়ে আমালোকে সদায় যি বোৰ শাস্ত্ৰ মতে শুদ্ধ কৰি থাকোঁ, সেই বোৰ আকৌ এই পুথিত লেখি পুথি আকাৰ বেচি কৰাৰ কোনো সোকাম নাই দেখি, সেই বোৰ এৰি দি, যি বিলাক অতি লাগতিয়াল আৰু সকলোৱে ক্ৰমে নেজানে, সমই বোৰ মাথোন লেখা হল।