পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(৫২)

ইন্দ্ৰ, কুবেৰ, বৰুণ আৰু যম এই আঠদিক পালে, ৰজাৰ দেহত অৱস্থিতি কৰে। এই কাৰণে ৰজাৰ অশৌচ, হবলৈ নোবাৰে। কিয়নো উক্ত লোকপাল সকলৰ নিমিত্তেই পৃথিবীত শৌচাশৌচ, পালন হয়। এই হেতুকে তেওঁলোক সদাই শুচি আৰু এই দেৱতা সকল ৰজাৰ দেহত লিপ্ত থকাৰ কাৰণে ৰজাও শুচি।কেৱল সদ্যা শৌচ, মাথোন ৰজাৰ বিহিত আছে। ব্ৰাহ্মণে অশৌচান্তে শ্ৰাদ্ধাদি সম্পন্ন কৰি পানী, ক্ষেত্ৰিয়ে বাহন আৰু ধনুৰ্ব্বান, বৈশ্যে পশু খেদা মাৰি বা লাগাম আৰু শূদ্ৰে ও ক্ৰিয়াদি কৰি মাৰি স্পৰ্শ কৰি শুদ্ধ হব। অসপিন্দ মৰিলে তাক দহন বহনাদি কৰি, তিনি ৰাতি অশৌচ, পালন কৰি শুচি হয়। মাতৃ সম্বন্ধীয় বান্ধব সকলোক দহন কৰিও উক্ত নিয়মে অশৌচ পালন পূৰ্ব্বক শুচি হব। কিন্তু যদি শৱ দহনৰ পিছত মৃত্যু অসপিণ্ড কিম্বা তাৰ সপিণ্ডৰ ঘৰত বসতি নাইবা অন্ন ভোজন কৰে; তেন্তে দশাহ অশৌচ লাগিব। তাকে নকৰিলে এ দিন এৰাতিতেই শুদ্ধ হব। জ্ঞাতি কি অপৰ হলেও যদি ইচ্ছা কৰি শৱৰ লগত মৰিশালি- লৈ যায়; তেন্তে সবস্ত্ৰে দান কৰি, অগ্নিস্পৰ্শ পূৰ্ব্বক ঘিউ খালেই শুদ্ধ হয় । মানুহে জ্ঞান, তপস্যা, অগ্নি, আহাৰ, মাটি, মন, পানী, গোবৰ আদিৰে লেপন, বায়ু, সূৰ্য্য়, আৰু অৰ্থ শুদ্ধি এই কেইটিৰে শুদ্ধ হয়। যেনে;—বিদ্বানে ক্ষমাৰে, অকাৰ্য্য কৰা লোকে দান দ্বাৰাই, গুপ্তদ্বাৰে কৃত পাপ পানীৰে, বেদজ্ঞ ব্ৰাহ্মণ তপস্যাৰে বাহিৰা বস্তু আৰু দেহ পানী গোবৰ আদিৰে, মলি থকা নদী সোতেৰে, মনোদুষ্টা অৰ্থাৎ ইপৰ পুৰুষ সঙ্গমে চ্ছা কৰা তিৰোতা ৰজস্বলা হলে, দ্বিজে ত্তি