পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


                    ( ৩১ )


যি লোকে অতিথি আৰু উল্লিখিত সুবাসিণী আদিক খুওবাকৈ আগয়ে নিজে ভোজন কৰে, সি মৰিলে তাৰ দেহ শিয়াল-কুকুৰে খায়। এতেকে গৃহস্তই সৰ্ব্ব শেষে ভোজন কৰিব। যি লোকে কেবল নিজৰ উদ্দেশে অন্ন ৰান্ধে সি সেই অন্ন পাপ ভোজন কৰে। যেনেং;- ভুঞ্জতে তেত্বদ্য়ং পাপাঃ যে পচ্য্যাত্ম কাৰণাৎ। (ইতি গীতা ৩য় অধ্যায়) অতিথি ঘৰক আহিলে, সমাদৰে আহবান কৰি বিনয় মাতেৰে মাতি, যথা সাধ্য শুশ্ৰূষা কৰি, সন্তোষ দিব। যদি তাকে নকৰি অতিথিক বেজাৰ দি ও ভতায়; তেন্তে সেই অতিথিয়ে গৃহস্থৰ সমস্ত পুণ্য গ্ৰহণ কৰি, তাৰ সমস্ত পাপ গৃহস্থক দি যায়। যেনেং;- অতিথিৰ্যস্য় ভগ্নাশৌ গৃহাৎ প্ৰতি নিবৰ্ত্ততে। সতম্মৈ দুষ্কৃতং দত্যা পুণ্যমাদায় গচ্ছতি॥ ত্ৰয়োদশ অধ্যায়। শ্ৰাদ্ধ কালে ব্ৰাহ্মণ শুশ্ৰূূষা আৰু যোগাযোগ্য বিচাৰ। পিতৃ লোকৰ মাহ আৰু বছৰৰ মুৰতষিশ্ৰাদ্ধ কৰাৰ নিয়ম আছে,তাক নিৰামিষ হৈ ৰত্ন পূৰ্ব্বক সম্পাদন কৰিবলৈ লাগে। দেব কাৰ্য্য়ে দুই আৰু পিতৃ কামে তিন জন কিম্বা অপাৰ্থক পক্ষে উভয় কাৰ্য্য়ে এক এক জন ব্ব্ৰাহ্মণ ভোজন কৰা বলৈ লাগে। ধনী লোক