পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( ৩০) অতি যত্নেৰে গৃহস্থ ধৰ্ম্ম প্ৰতিপালন কৰিব লাগে। দুৰ্ব্বলেন্দিয় লোকে ইন্দ্ৰিয় বোৰক নিয়মে নেৰাখিলে এই পবিত্ৰ গৃহবাস ধৰ্ম্ম প্ৰতিপালন কৰা কঠিন। যেনে; ঋষি সকল, পিতৃ সকল, দেৱতা সকল, এওঁলোক এটাইয়ে গৃহ লোকক আশা কৰি থাকে। এতেকে এওঁলোকৰ প্ৰতি একান্ত মনে কৰ্ত্তব্য কৰ্ম্ম বোৰ পালন কৰাই গৃহস্থৰ উচিত কৰ্ম্ম। অন্যান্য ধৰ্ম্মতকৈ গৃহস্থৰ পক্ষে অতিথি সেবাই প্ৰধান ধৰ্ম। যেনে;-- ন বৈ স্বয়ং তদশ্নীয়াদ তিথি অন্ন ভজয়েৎ। ধনং যশস্যমায়ুষং স্বৰ্গ্যাঞ্চতিথি পূজলম্। (ইতি মনুঃ তৃঃ অঃ ১০৬ ) অতিথি প্ৰসন্ন কৰাৰ বলেৰেই গৃহী লোকে ধন, যশ, আয়ুঃ আৰু স্বৰ্গ লাভ কৰে। সকলো অতিথিকে সমান ব্যৱহাৰ কৰা অনুচিত। অৱস্থা নুযায়ী অতিথিক তাৰতম্য কৰিব। অৰ্থাৎ উত্তম অতিথিক উত্তম ৰূপে, হীনক হীন ৰূপে আৰু সমানক সমভাবে ব্যবহাৰ আৰু শুশ্ৰূষা কৰিব লাগে। ব্ৰাহ্মনে তলৰ তিনি বৰ্ণৰ লোকৰ অতিথি গণ্য ন কৰিব। তথাপি অভ্য়াগত হলে দয়া কৰি খাব শুব দিয়া উচিত। বন্ধু জাতি আৰু গুৰু এওলোকেও অতিথি গণ্য ন হয়। লোক অভ্যাগত হলে, যথাসাধ্য শুশ্ৰূষা কৰা স্বাভাবিক ধৰ্ম্ম। অতিথিক নদিয়াকৈ গৃহস্থ লোকে আগে খোবা অনুচিত, কিন্তু নতুনকৈ বিয়া কৰি অনাস্ত্ৰী, বোৱাৰী বা দুহিতা, লৰা, ৰোগী আৰু গৰ্ভবতী বোৰক অতিথিৰ আগে খুওবাক কোনো দোষ নাই। যেনে,-- সুবাসিণীঃ কমাৰাংশ্চ ৰগিনো গৰ্ভিনীস্তথা। অতিথিভ্য়োহগ্ৰ এধৈতান ভোজয়েদ বিচাৰয়ণ। (ইতি মনুঃ তৃঃ অঃ ১১০ )