পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


( ৫)

কিন্নৰ; বানৰ, মৎস্য়, পশু; মৃগ, মনুষ্য আৰু দুই পাতি দাঁত থকা জন্তু, ; সিংহাদি হিংস্ৰ জন্তু, কৃমি, কীট, পতঙ্গ, যুক; মাখী, ওকণী সকলে। প্ৰকাৰ দংশক মহ প্ৰভৃতি আৰু বৃক্ষ-লতাদি আৰু পৃথক পৃথক স্থাবৰ এই সমস্তকে এওঁ লোকে সৃজন কৰিলে।

  উপৰিউক্ত বিলাকৰ ভিতৰত পশু, মৃগ, হিংস্ৰ জন্তু যেনে-

বাঘ ইত্যাদি দুই পাতি দাঁত থকা জন্তু, ৰাক্ষস, পিশাচ আৰু মানুহ এই বোৰ জৰায়ুজ অৰ্থাৎ ইহঁতে গৰ্ভৰ পৰা জন্ম ধৰে। চৰাই সাপ, কুস্তীৰ মাছ, কাছ আৰু স্থলজ নেউল আৰু জলজ বেং প্ৰভৃতি অন্দজ অৰ্থাৎ কনীৰ পৰা উৎপন্ন হয়। মহ, জোক, মাখী আৰু ওকণী এই বোৰ স্বেদজ আৰু পৰুৱা আদি উষ্ম অৰ্থাৎ মলীৰ পৰা জন্ম গ্ৰহণ কৰে। সকলো উদ্ভিদকেই স্থাবৰ বোলে। ইহতৰ মাজত কেতবোৰ বীজৰ পৰা জন্মে আৰু কোনো কোনোৱে ডালৰ পৰা উৎপন্ন হয়। যি বোৰৰ বেচি ফুল-ফল হয় আৰু ফল পকিলে মৰে সেই বোৰক ওষধি কয়; যেনে ধান, মাহ, ইত্যাদি। যি বোৰ উদ্ভিদে নুফুলিয়েই ফল ধৰে সেই বোক বনস্পতি বোলে, কিন্তু এটাইৰে সাধাৰণ নাম গচ। আকৌ কল, লতা, লাউ, কুমুৰা আদি তৃণ জাতি উদ্ভিদ অনেক আছে; তাৰ কিছুমান বীজৰ পৰা আৰু কিছুমানে মূলৰ পৰা গাজ মেলি (পোখা মেলি। জন্মে। সেই অচিন্ত্য পৰাক্ৰমী পৰমেশ্বৰে এইৰূপে স্থাবৰ অম সমুদাই জগত আৰু মনুকে আদি সৃষ্টি কৰি; প্ৰলয় কাল পৰ্যন্ত সকলোকে প্ৰতিপাল কৰি ৰাখে। পিছে আকৌ প্ৰলয় কাল উপস্থিত কৰি, সকলো জীব জন্তু নিজৰ শৰীৰত ধৰে, শেষত নিজেও নিজতেই আন্তহিত হয়। স্থিতি প্ৰলয় এই দুটি সেই পৰমেশ্বৰৰ নিজৰ জাগৰিত আৰু টোপনি এই দুটি ক্ৰিয়া মাথোন। অৰ্থাৎ পৰমেশ্বৰ যেতিয়া আপোনাতে আপুনি অৱস্থিত, থাকি বিশ্ৰাম উপভোগ কৰে, তেতিয়া কৰ্ম্ম লব্ধ স্নেহ