পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে




                                    ( ৪ ) 

সৃষ্টিৰ প্ৰথমে বাৰ যি কামত নিযুক্ত কৰিছে সি বাৰম্বাৰ জন্ম ধৰিও সেই কামকেই আচৰণ কৰি থাকে। অৰ্থাৎ হিংসা-অহিংসা, বিনয়, বল, ধৰ্ম্ম, অধৰ্ম্ম, সত্য আৰু অসত্য ইত্যাদিৰ যাৰ যি গুণ তাক তেওঁ সৃষ্টি কালতে নিয়ম কৰি দিলে। সৃষ্টিৰ পাছতো সেই গুণ তাত সোমাই তাৰ পিছত পৃথিব্যাদি সমৃদ্ধি কামনা কৰি, পৰমেশ্বৰে আপোনাৰ মুখ, বাহু, উৰু আৰু নাভিৰ পৰা যথাক্ৰমে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰি জাতি সুজন কৰিলে


                                 দ্বিতীয় অধ্যায়।
                             মনুষ্যাদি জীবেৰ উৎপত্তি। 

প্ৰথম অধ্যায়ত কোৱা বিৰাট পুৰুষে (ব্ৰহ্মা) নিজে তপস্যা কৰি, এজন মহাপুৰুষ সৃষ্টি কৰিলে, সেই জনেই মনু; এই মনুয়েই দ্বিতীয় স্ৰষ্টা। মহানুভৱ মনু প্ৰজা সৃষ্টি কৰাৰ কামনাৰে তপস্যা কৰি, প্ৰথমে দহ জন মহৰ্ষি সৃষ্টি কৰিলে। তেওঁ লোকৰ নাম ৰখা;-মৰীচি, অত্ৰি, অঙ্গিৰা, পুলহ, পুলস্ত্য, ক্ৰতু, প্ৰচেতা, বশিষ্ঠ, ভৃগু আৰু নাৰদ। এই দহ জনে আকৌ মহাতেজস্বী সপ্ত মনুক সৃজন কৰিলে। পূৰ্ব্বে ব্ৰহ্মাই যি সকল দেবতা সৃষ্টি কৰা নাই, সেই সকল দেবতা আৰু সেই দেবতা সকলৰ বাসস্থান; অসীম ক্ষমতা সম্পন্ন বহু মহৰ্ষি, যক্ষ, ৰাক্ষস, পিশাচ, গন্ধৰ্ব্ব, অপ্সৰা, অসুৰ; সৰ্প; গৰুড়াদি, পক্ষী আৰু পিতৃলোক; বিদ্যুৎ; বজ্ৰ, মেঘ, ইন্দ্ৰধনু, উল্কা, ভূমিকম্প আৰু অন্তৰীক্ষৰ উৎপাতধ্বনি; ধূমকেতু, ধ্ৰুব আকৌ অগস্ত্য়াদি নানা প্ৰকাৰ জ্য়োতিৰ্ম্ময় পদাৰ্থ,

+ এও লোককে প্ৰজাপতিও বলে।