ঈশ্বৰে এই বিশ্ব সংসাৰক ক্ৰমে ক্ৰমে বিস্তাৰিত কৰি স্বয়ং শৰীৰাকাৰে প্ৰকাশিত হ'ল।
তেওঁ প্ৰজা স্ৰজিবলৈ চিন্তা কৰা মাত্ৰকেই প্ৰথমে পাণী সৃষ্টি কৰিলে। পিছে আপনাৰ দেহক দুভাগ কৰি আধা অংশৰ এজন পুৰুষ আৰু আধা অংশৰ এজনী তিৰোতা ৰূপ ধৰিলে *। পিছে সেই পুরুষৰ ঔৰষে সেই আদ্যাশক্তির গৰ্ভত এটি কণী হল। সেই কণীটি উক্ত পাণীত নিক্ষেপ কৰিলে; আরু তাৰে পৰা কালক্ৰমে এটি জ্যোতিৰ্ম্ময় শিশু উপজিল। সেই পাণীতেই শয়ন কৰিলে। এওঁৱেই আদি কাৰণ অব্যক্ত আরু প্ৰথম পুরুষ। নৰ অৰ্থাৎ পৰমাত্মাৰ পৰা সৰ্ব্ব প্ৰথমে ওপজাৱাৱে অপত্য প্ৰত্যয়ত্ পাণীক নার বোলে। আকৌ ব্ৰহ্মরূপে অৱস্থিত পৰমাত্মাৰ সৰ্ব্বপ্ৰথমে আশ্ৰয় বুলিয়েই তেওঁক নাৰায়ণ বোলে।
তাৰ পিছে স্বয়ং ঈস্বৰে নিজৰ নাভিপদ্মৰ পৰা পদ্মবোনি ব্ৰহ্মাক সৃষ্টি কৰিলে উক্ত প্ৰথম পুরুষৰ নাভিৰ পৰা ওলাই তেওঁক ব্ৰহ্মাণ্ড স্ৰজিবলৈ আদেশ করিলে। সেই আদেশে, সেই আদি পুরুষৰ নাভিয়ে সোমাই ব্ৰহ্মমানৰ এবছৰ কাল তাতে থাকি, শেষত ধ্যানেৰে জানি, আকৌ নাভিয়ে ওলাই, উক্ত আদি পুরুষৰ প্ৰতি সোমর বিন্ধাতে এটি এটিকৈ ব্ৰহ্মাণ্ড স্থাপন কৰি; প্ৰতি ব্ৰহ্মাণ্ডকে দুভাগ কৰিলে। তাৰ উদ্ধ খণ্ডে স্বগাদি লোক আৰু অধ:খণ্ডে পৃথিব্যাদি সপ্তলোক নিৰ্ম্মান কৰিলে। মাজ খণ্ডত আকাশ, আঠ দিক আকৌ সাগৰ সকল স্থাপিত কৰিলে। তাৰ পিছে সত্ব, ৰজ:, তমঃ, এই তিন গুণ সৃষ্টি কৰি শেষত
- এৱেঁই আদ্যাশক্তি বাধা।
† এৱেঁই বিৰাট পুৰুষ, অসংখ্য বিশ্বৰ, আধাৰ মহাবিষ্ণু।