পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হিন্দু-ধৰ্ম্ম-সাৰ।
সেবা।

ওঁ অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং যেন চৰাচৰং।
তৎপদং দৰ্শিতং যেন তস্মৈ শ্ৰীগুৰৱে নমঃ॥
 ওঁ নমো ভগৱতে বাসুদেৱায়।
শুক্লাম্বৰধৰং বিষ্ণুং শশি ৱৰ্ণ চতুৰ্ভূজম্।
প্ৰসন্ন বদনং ধ্যায়েৎ সৰ্ব্ব বিঘ্নোপশান্তয়ে॥
নাৰায়ণং নমস্কৃত্যং নৰঞ্চৈৱ নৰোত্তমম্
দেবীং সৰস্বতা ব্যাসং ততোজয় মুদীৰয়েৎ॥
বন্দে কৃষ্ণং গুণাতীতং পংব্ৰহ্মোচ্যুতং যতঃ।
আবিৰ্ব্বভূব প্ৰকৃতিং ব্ৰহ্মা বিষ্ণু শিবাদয়:॥

প্ৰথম অধ্যায়।
সৃষ্টিৰ বৃত্ত্বান্ত।

 ই বিশ্ব সংসাৰ এ সময়ত এন্ধাৰে আগুৰা আছিল। তেতিয়া যে সি কেনেকুৱা আছিল, সেই বিষয় স্থিৰ কৰিবলৈ কোন প্ৰকাৰ লক্ষণেৰে অনুভৱ কৰিব নোৱাৰি; অৰ্থাৎ জ্ঞানৰ অতীত। আন কি যেন সি সৰ্ব্বতোভাৱে গাঢ় টোপনিত আছিল। পিছে স্বয়ম্ভু্-অব্যক্ত