পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাইনাপালী : ডাক্তৰবাবু আপুনি ক মতে মই কৈইছু।
ওজা : মই কি কৈছিলো।
ডাইনাপালী : আপুনি কৈছি আহাৰৰ পিছত খাবা। পৰহি দিনা আহাৰৰ
দমহি গেছি কালি ১ তাৰিখ ঔষধ খাই আইছু।
ওজা : আপোনালোক বৰ ভোডা মানুহ হে? মিল নুবুজে,
আহাৰ নুবুজে। আহাৰ মাহৰ পিছত ঔষধ খাইছে।

***  ***  ***


গণনী

ওজা : অ দেউ আছে?
ডাইনাপালী : কুনি নু
ওজা : মই হে ওলাই আহকচোন।
ডাইনাপালী : গেচু ৰব। অ’ আপুনি কি নু খবৰ।
ওজা : মইয়ো এটা কামত আহিলো, মোৰ এটা ল’রা জন্মিছে
গতিকে...
ডাইনাপালী : আপোনাৰ ল’ৰা, মোৰ তাকে আহিল কিয়া?
ওজা : ল'ৰাটোৰ গণনাখিনি কৰিব লাগিছিল নহয়?
ডাইনাপালী : শাওনৰ মাহত নহয়।
ওজা : শাওনত নহয় কাৰণ
ডাইনাপালী : শাওনৰ উনচল্লিচ তাৰিখক লেগি বুক হৈ আছে।
ওজা : আপুনি দেউ কি কয় হে? শাওনৰ মাহ উনচল্লিচ দিন
হাহিৰ টোপোলা- ২৪