সমললৈ যাওক

পৃষ্ঠা:হালধিবটা আবেলি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৃদয়ৰ দুৱাৰ

সকলো বাট বন্ধ কৰি
হৃদয়ৰ দুৱাৰখন খুলি থোৱাৰে পৰা বহুতকে লগ পাইছো
কবিতাৰ পৰা নিমখ-তেললৈকে অনন্ত কথোপকথন

বহুজনৰ হাতত হাত থৈ চাব নোৱাৰো মুখলৈ
শিল পৰা বুকু
যুদ্ধৰ ঘোঁৰাৰ দৰে নিদ্ৰা আৰু ভোকত মৰি যোৱা এটা ফ্ৰেম
য’ত বন্ধাই থোৱা থাকে মাংস আৰু হাড়ৰ জুমুঠি

হৃদয়ৰ দুৱাৰ খোলা ৰাখি যি দেখিছো
দুখৰ ভাৰ বোৱা মানুহেই সৰহ
নজনাকৈ কঢ়িয়াই লৈ ফুৰে মৃত্যুৰ সমতুল্য অৱশিষ্ট
মাথোঁ সুখৰ হাঁহি পিন্ধি হাত জোকাৰি এৰি দিয়ে চকুৰ মমতা

শেষত বুজি উঠিছো জীৱন মাথোঁ এবেগেত হাতৰ এচলু পানী
যি উপঙি থাকে অকলে পানীপতাৰ পুখুৰীত।