এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আই
চেঁচুকৰ শিলছটাৰ দৰে সদায় চেঁচা পৰি আছিল আইৰ দুহাত
অথচ আইৰ হাতৰ স্পৰ্শত আছিল
তপ্ত দুপৰীয়াৰ সস্নেহ উষ্মতা
নিজেই উশাহ ঘূৰাব পৰা নাছিল।
তথাপি আমাৰ আয়ুস বিচাৰি সদায় উধানৰ একোণত চাকি দি
আওৰাইছিল কাকূতি ঘোষা
বৰ্ণমালাই স্পৰ্শ নকৰা আইৰ চকুত অগা-ডেৱা কৰিছিল অলেখ সপোনে
পঢ়িলে আকাশতকৈও ওখ হয় মানুহ — আয়ে শুনিছিল
সেয়ে টিপচাকিৰ পোহৰত কিতাপ এখন মেলি দি
আঙুলিৰ মূৰৰ গণিতেৰে বাৰম্বাৰ বুজাইছিল—
পঢ় বোপা, নপঢ়িলে মানুহ পিতায়েৰৰ দৰে পাণবেপাৰী হয়।