হাঁহি-ধেমালি। খনত খুদাগাই বাগৰি পৰে। বৰডেকাই হাতত ধৰি ঘৈণী- য়েকক চকীত বহুৱায় )। শুনা এতিয়া, মোৰ এটা প্ৰতিজ্ঞা च। ঘৈণীয়েক—কওক। - বৰডেকা — ই মোৰ ভীষ্মৰ প্ৰতিজ্ঞা। মোৰ প্ৰতিজ্ঞা হৈছে মই তোমাক পুৰুষৰ সৈতে একে খাপত বা সমান থাপত তুলিমেই আজিকালি নাৰাজাঘৰণৰ আন্দোলন কেনেকৈ দেশজুৰি পৃথিবীৰ বিয়পিছে জানাই। এই আন্দোলনত তুমি যোগ দিবই লাগিব। মই তোমাক ঠাৰে ঠায়ে লগে লগে লৈ ফুৰিম, কি আছে। কৰবাত যদি বাট পথ বেয়া পাওঁ, কৰবাত যদি মানুহৰ সমাগম বেছি হয় তোমাক কান্ধত তুলি মই ডাঙিয়েই নিম লাগে। তথাপি তুমি মুকলি মনেৰে ফুৰিবই লাগিব। সনয় বুজি ঠায়ে ঠায়ে তুমি ‘লেক্চাৰে৷' দিও লাগিব দেই। ঘৈণীয়েক—'লেচ্কাৰ' মানে কি? বৰডেকা—'লেচ কাৰ' নহয়, 'লেক্চাৰ'। 'লেক্চাৰ' মানে বক্তৃতা, তুমি এনেকুৱা 'লেক্চাৰ' বা বক্তৃতা দিবলৈ শিকিব লাগিব বাতে উত্তেজনাত শ্ৰোতাসকলৰ ভেন্ন উতলি যায়। তুমি মোৰ নাম উজলাব লাগিব। আজিকালি অৱ বিশ্ববিভা পৰীক্ষা কেতবোৰ ‘পাছ কৰি লব নোৱাৰিলে, উপাধি গোটাচেৰেৰ গোটাই লব নোৱাৰিলে নাম বেগেতে নিজিলিকে।
পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৩২
অৱয়ব