পৃষ্ঠা:সৰাপাত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


মোৰ ভাল লগা গাভৰুজনী

 

মেঘালী চুলিৰে
তাইজনী বৰ ধুনীয়া
হাঁহিলে ডিম্বল পৰা তাইৰ গাল,
আৱেগ সনা চাৱনিত ভাঁহি আহে
পোৱা নোপোৱা
তাইৰ হাজাৰ প্ৰশ্নৰ ঢৌ।
তাইৰ প্ৰিয় কবিতা
কবিৰ মায়াবী শব্দবোৰত
তাইজনী বিভোৰ হৈ পৰে,
কল্পনাৰ লহৰে লহৰে
সাঁতুৰি নাদুৰি
তাই উদ্‌যাপন কৰে
দিনটোৰ সমস্ত সময়৷
তাই আকাশ বোৰ ভাল পায়
আকাশৰ বিশালতাত
সুখৰ সংজ্ঞা বিছৰা
একমাত্ৰ গাভৰু তাই,
ডাৱৰৰ আঁৰে আঁৰে
লুকা-ভাকু খেলি
তাই হেৰাই যাব খোজে
বাস্তৱৰ পৰা বহু নিযুত দূৰৈত।
তাইজনী ৰদকাঁচলিত
ৰঙীন হৈ পৰে,
এনে লাগে যেন প্ৰকৃতিয়ে
প্ৰতিটো ৰং তাইতেই বুলাই দিছে।
তাইৰ লাহৰি খোজত
যৌৱন জিলিকে,
খামুচীয়া কঁকালৰ ভাজে ভাজে
ক’তো জোৱানে যে সপোন ৰচে।

   

কলেজৰ বাইকষ্টেণ্ড
চাইকেল ষ্টেণ্ডৰ আদ্দাত তাই নাথাকে,
কাৰণ আদ্দা তাই পচণ্ড নকৰে।
তাইতো নিৰৱ গভীৰ সাগৰ,
মাথোঁ এটি দুষ্টালিৰ হাঁহিৰে
গহীন তাইৰ হৃদয়,
সঁচাকৈয়ে তাইজনী সাগৰ দুষ্ট ছোৱালী।
তাইক দেখিলে ভাৱ হয়,
তাই প্ৰেম নুবুজে,
কিন্তু তাই সাংঘাটিক প্ৰেম বলীয়া গাভৰু,
ভালপোৱা তায়ো চিনে,
কাৰোবাৰ হৃদয়ত গৈ নিৰলে উচুপে,
প্ৰেমিক হৃদয় শাত পেলায় যোৱা
তাই যেন এজনী বিষাদ প্ৰেমিকা।

পৃষ্ঠা/১৭