আশীষ মাগোঁ। চৈতন্যে বোলে কেন মতে তুমি দাৰিদ্ৰ ভৈলা। দামোদৰে বোলে স্বদেশৰ পৰা নামি আহন্তে তাঁতিমৰাত নৌকা বুৰি সৰ্ব্বস্ব উটিল; তিনটি প্ৰাণী ঝাজিত ধৰি দিগম্বৰে তৰিলোঁ। পাচে শঙ্কৰে বস্ত্ৰ তিনিখানি পৰিধান কৰাই নিকটে ৰাখিছে। পাচে চৈতন্যে বোলে হে দামোদৰ নশ্বৰ বস্তুত খেদ নকৰ। তুমি ঈশ্বৰৰ পাৰ্ষদ। লক্ষ্মীৰ কোপে গৌতমৰ বংশত জন্মিছা। পুনু তান বৰে তিনি পীঠত পূজ্য হুই নিজ ঐশ্বৰ্য্যকে পাই এই ৰহস্য কই তাঙ্ক তত্ত্বজ্ঞান দি উড়েষাক গৈলা। লক্ষ্মী বাক্যং ⵓ—
“বৎস গচ্ছ দ্বিজো ভূত্বা কলৌ মণিময়াচলে।
নাৰদানুগ্ৰহেণৈব জ্ঞানলব্ধেহ স্থাস্যতি॥
কামৰূপে হয়গ্ৰীবে মাধবাচলসন্নিধৌ।
নাৰদাভিৰূপেণৈব তস্মৈ জ্ঞানমদাৎ পুনঃ॥”
পাচে দামোদৰে প্ৰভু চৈতন্যক প্ৰণাম কৰি আসি শঙ্কৰত বাৰ্ত্তা কই কচুবাড়ী গ্ৰামে ৰহিলা। পাচে নিত্যানন্দৰ শিষ্য মুকুন্দৰাম ব্ৰহ্মচাৰী মণিকুটে আসি চৈতন্য গোফাতে থাকি অনন্ত-কন্দলিক, হৰিদেৱ সন্তদেৱক, যাদবেন্দ্ৰ পুৰিক, ৰামদাসক,