পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সপ্তম অধ্যায়।

চৈতন্যৰ পাৱে পড়িলা। পাচে প্ৰভু তাৰ বিশ্বাসৰ অৰ্থে মূল তিনি নামকে ষোল্ল নাম কৰি দিলা। তেৱে নামৰ বিশ্বাসে ৰাজাৰ গল ঠাৰু ভৈলা। পাচে মহাপ্ৰভু বৃন্দাৱনে জাই অগ্নিতলা গ্ৰামত সকীৰ্ত্তন আৰম্ভিলা। তৈতে জাসৱে তাঙ্ক মঠ দেৱালয় বান্ধি দিলা। সেই বেলা অদ্বৈতাচাৰ্য্য, শিৱৰাম, চৈতন্য দাস, এই সবে চৈতন্যৰ ব্ৰহ্মচৰ্য্য গৃহাশ্ৰম, বানপ্ৰস্থ, সন্ন্যাস, শচীবিলাপ, বৰ্ণাই গৌৰচন্দ্ৰনাম গীত ৰচিলা, আৰু জগাই মাধায়ে অষ্টাদশ অঙ্ক ৰচিলা। পাচে তান মহিমা শুনি একাব্বৰ পাৎচাএ ডিল্লিপাটে নিয়াই অনেক পৰীক্ষা কৰিলা। তাতে তান চতুৰ্ভুজ ৰূপ দেখি ঈশ্বৰ মানি হৰিভক্ত হৈলা। পাচে পাৎচা একশত গীতে চৈতন্যক বৰ্ণাই স্তুতি কৰিলা। তাৰে প্ৰথম গীত ⵓ—

 ৰাগ-কানাড়া।
“জি জি জি মেৰা লাল গোৰা।
আপহি নাচে আপহি ৰসভোৰা॥
খোল কৰতাল বাৱত ধিকি৷
ভাৱে ভক্তনত লাছত নিকি॥