পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
সৎসম্প্ৰদায় কথা।

দেখাইলা৷ পাচে অৰণ্যে যাই বৃক্ষমূলত বসি অন্ন জল তেজি বানপ্ৰস্থ দেখাইলা। পাচে চতুৰ্থাশ্ৰম ধৰ্ম্ম দেখাইতে শ্ৰীকটোয়াল ঘাটে কেশৱ ভাৰতীৰ ঠাই সন্ন্যাস লৈলা। সেই বেলা শচী মাৱে পুত্ৰক ফিৰাইবা নপাৰি অনেক বিলাপ কৰিলে। পাচে মহাপ্ৰভু তান্তে সপ্ৰেমা ভক্তিৰো উপদেশ লভি গৌৰ অঙ্গ মুণ্ডিত মুণ্ড গলে কণ্ঠি হাতে গীতা ভাগৱত, কটিত কপিন এই বেশে চৈতন্য ভাৰতী নামে মহা মহন্ত ভৈলা।

মুণ্ডিতো দীৰ্ঘগৌৰাঙ্গস্ত্ৰিপথাতিৰসম্ভবঃ।
কলৌ সন্ন্যাসৰূপে বিহৰামি চৰমি চ॥

 পাচে মহাপ্ৰভু নামৰ নিৰ্ণয়, সংকীৰ্ত্তন ধৰ্ম্মৰো নিৰ্ণয় কৰি, শৰণ ভজন, ভক্তি, শ্ৰৱণ, মনন, অধ্যাপন, শীল, শিক্ষা, স্বভাৱ, এই নৱ ভক্তিৰ লক্ষণ পাতি বতিশ শ্লোকৰ শৰণ পটল কৰিলা। পাচে অদ্বৈতাচাৰ্য্য, নিত্যানন্দ, সাৰ্ব্বভৌম, লক্ষ্মী গদাধৰ, ৰামচন্দ্ৰ প্ৰমুখে চৌষষ্টি মহন্ত পাতি, সেই পটল ক্ৰমে দেশে দেশে শিষ্য ভজাইবে দিলা। পাচে মহাপ্ৰভু প্ৰতাপৰুদ্ৰ ৰাজাক তিনি নাম দিলা। অল্প বুলি অৱজ্ঞা কৰন্তে ৰাজাৰ গল বেঙ্কা ভৈলা। পাচে