পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সৎসম্প্ৰদায় কথা।

হুই পূৰ্ব্ব দিশে সৌমাৰ পৰ্য্যন্তে প্ৰেমমই ভক্তি প্ৰৱৰ্ত্তাইলা। এতেকে পূৰ্ব্ব দিশৰ আচাৰ্য্য চৈতন্য প্ৰখ্যাত ভৈলা আৰু এই দুইজন কৃষ্ণ বলৰাম আহিছে বুলি পদ্মপুৰাণ, নাৰদপুৰাণ, হৰগৌৰী সম্বাদৰো আদিতে কহিছে। তান জন্ম কৰ্ম্মতো ঈশ্বৰ হেন প্ৰমাণ আছে, তাক কহোঁ শুনা। নদিয়াৰ জগন্নাথ মিশ্ৰৰ শচীভাৰ্য্যাত নিম্বৰ গোড়ে জম্মিলা এতেকে তাঙ্ক নিম্বদত্ত নাম দিলা। জন্মি তিনি ৰাত্ৰি তন পান নকৰে, দেখি মাৱে বহু খেদ কৰে। পাচে নিশাত স্বপ্ন দেখাই বোলে মাৱ কেনে শোক কৰস। তুমি অভক্ত কাৰণে তন পান নকৰো। এই তিনটি নাম অদ্বৈতাচাৰ্য্যৰ মুখে লৈবা, তেবে তন পান কৰিবো। এই স্বপ্ন দেখি প্ৰাতসে শচী মিশ্ৰসমে বালকক কোলে লই অদ্বৈতাচাৰ্য্যত স্বপ্নৰ কথা কহিলা। অদ্বৈতে বোলে নিশা মোকো স্বপ্নত তিনি নাম কৈছে। এই কহি শচীক শৰণ কৰাই তিনি নাম দিলা। পাচে বালকে তন পান কবিলে দেখি অদ্বৈতাচাৰ্য্যে বোলে নিম্বদত্ত মানুষ নহে, এন্তে ঈশ্বৰ। এই বুলি তান চৈতন্য নাম থৈলা। সেই দিনা ধৰি নদিয়াৰ লোকে