পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপ্তম অধ্যায়।

চৈতন্য নিৰ্ণয়।

 এখন চৈতন্য গুৰুব ধাবা কহি, তান চৰিত্ৰক কহোঁ শুনা। শঙ্কৰাচাৰ্য্যৰ শিষ্য সদানন্দ পূৰ্ব্বদিশৰ মূলগুৰু, তান শিষ্য চিবুকাচাৰ্য্য, তান শিষ্য পৰমাচাৰ্য্য, তান শিষ্য চতুৰ্ভুজ ভাৰতী, তান শিষ্য লক্ষ্মণ ভাৰতী, তান শিষ্য কমললোচন ভাৰতী, তান শিষ্য বিষ্ণু ভাৰতী, তান শিষ্য উদ্দান ভাৰতী, তান শিষ্য ৰসিক ভাৰতী, তান শিষ্য ৰসিকানন্দ ভাৰতী, তান শিষ্য বিশ্বভাৰতী, তান শিষ্য বিশ্বনাথ ভাৰতী, তান শিষ্য ভাৰতানন্দ ভাৰতী তান শিষ্য চকোৰানন্দ ভাৰতী, তান শিষ্য কাঞ্চনানন্দ ভাৰতী, তান শিষ্য বলৰাম ভাৰতী, তান শিষ্য সুত্ৰানন্দ ভাৰতী, তান শিষ্য সেবকানন্দ ভাৰতী, তান শিষ্য কেশৱানন্দ ভাৰতী। এহিক্ৰমে কুৰিজন মহন্ত নামিলা। পাচে সদানন্দৰ পৰা চৈধ্য শংবৎসৰ অন্তৰে চৈতন্য নিত্যানন্দ দুই, কেশৱ ভাৰতীৰ শিষ্য