পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 মই আজি এই সৰু পুথিখনি অসমীয়া ৰাইজৰ আগত প্ৰকাশ কৰিলোঁ। পুথিখনি আসাম দেশৰ বিখ্যাত ধৰ্ম্ম প্ৰচাৰক ভট্টদেৱৰ হাতৰ পৰা ওলোৱা। এনে এজন মহাপুৰুষে অত দিনৰ আগেয়ে, লিখি থৈ যোৱা এখন পুথি আজিলৈকে প্ৰকাশিত নোহোৱাই মই এই কাৰ্য্যত হাত দিয়াৰ প্ৰধান কাৰণ। মই প্ৰথমতে কামৰূপৰ বিখ্যাত বালি সত্ৰৰ অধিকাৰ পূজনীয় শ্ৰীযুক্ত মহাদেৱ গোস্বামীৰ পৰা এখন সাঁচীপতীয়া পুৰনি পুথি সংগ্ৰহ কৰি নকল কৰাই তাৰ নগাঁও জিলাৰ প্ৰসিদ্ধ ডিকনু সত্ৰত পোৱা আৰু এখন তুলাপতীয়া অতি পুৰণি পুথিৰ লগত ৰিজাই আৱশ্যকীয় পৰিবৰ্ত্তন কৰি এই পুথিখনি যুগুত কৰিছোঁ। দুয়োখনি পুথিৰ পৰা সঙ্গত আৰু শুদ্ধ পাঠ উদ্ধাৰ কৰিবৰ নিমিত্তে অলপো যত্নৰ ত্ৰুটি কৰা নাই। এই পুথিখনিত বৈষ্ণৱ ধৰ্ম্মৰ উৎপত্তি আৰু আসাম দেশত বৈষ্ণৱ ধৰ্ম্ম কাৰ দ্বাৰা কেনেকৈ প্ৰচাৰিত হ’ল, সেই বিষয়ে অসমীয়া গদ্যত সুন্দৰকৈ লিখা আছে; আশা কৰো পাঠক সকলে এই দেশত প্ৰচলিত বৈষ্ণৱ ধৰ্ম্ম সম্বন্ধে এই পুথিৰ পৰা প্ৰকৃত তত্ত্ব জানিব পাৰিব আৰু এই দেশত কিহৰ পৰা; বামুনীয়া