এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৩ ]
দ্ৰুপদ কুমাৰী, আছে তপকৰি;
তযু লগধৰি, গৈলেক সুন্দৰী এ;
ধৰ্ম্মৰ বচনে থাকিলে এথাতে পৰি।
তুমি সম বীৰ, নাহি ধনুৰ্দ্ধৰ;
তিনিও লোকৰ; অন্তক বৈৰৰ এ;
ভাৰ হৰিনাহা অবতাৰ তুমি ধৰি॥ ৫৯॥
বসন ভূষণ, ধিক বিতোপন;
পৰিয়াৰ জন, মিত্ৰ পুত্ৰ গণ এ;
সবে অকাৰণ স্বামীৰ সঙ্গ বিহিনে।
মই সৌভাগিণী, তোমাৰ কামিণী;
ভৈলো কুলক্ষণী, থাকিয়া আপুনি এ;
ধিক্ ধিক্ মোৰ জীবন সাৰ যৌবনে।৷
পূৰ্ণ শশধৰ, বিকচ পদ্মৰ;
সঙ্গত মোহোৰ, দেখিয়া সুন্দৰ এ;
তাহান কান্তিয়ে মোহোক শোভা কৰয়।
কৰিয়া কাতৰ, চৰণে কৃষ্ণৰ;
খেদ সুভদ্ৰাৰ, কৰিলো প্ৰচাৰ এ;
ৰাম ৰাম ৰাম বুলিয়ে সবে সদায়।৷ ৬০॥