পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২ ]


পৰীক্ষিত কুমৰক লগত লৈলন্ত।
সহদেব ভ্ৰাতৃকযে ৰাজা বুলিলন্ত॥
হোম জপ ব্ৰহ্মভোজ কৰ নিৰন্তৰ।
দান কৰন্তোক আৰু নকুল কুমৰ।৷ ৩।৷
দ্ৰৌপদী সুভদ্ৰা দুয়ো কৰোক মঙ্গল।
মোহোৰ বচনে সবে কৰোক সকল॥
নিয়োজন ধনঞ্জয়ে কৰোক সভাত।
কৃষ্ণ বিনে ভৈয়াই মোৰ নিশ্ৰীক ভৈলন্ত॥ ৪॥
এহি বুলি বৃদ্ধিশ্ৰাদ্ধ কৰিবে ধৰিল।
ৰাজাৰ বচনে সহদেব যে লড়িল।৷
নকুলৰ আগে ৰাজ আজ্ঞাক কহিল।
দ্ৰৌপদী সুভদ্ৰা দুইটো কহিল সকল।৷ ৫॥
সভা নিয়োজন কাৰ্য্য কৈয়া অৰ্জুনত।
নিয়োজিলা হোমে বিপ্ৰ ভাল একশত৷।
বিধিৱতে বিষ্ণুমন্ত্ৰে লক্ষেক হবন।
দুই লক্ষ জপে দিলা দ্বিশত ব্ৰাহ্মণ।৷ ৬।৷
তৃতীয় হাজাৰ দ্বিজ ভোজন তথিত।
কশ্যপ হৰিণ খাসি মৎস্য মাংস যত।৷
মাস মুগ ফল মূল দধি দুগ্ধ ঘৃত।
ভুঞ্জিবাক পাৰে মানে দিলন্ত সমস্ত।৷ ৭॥
নকুলেও আজ্ঞা শুনি গৈয়া ভণ্ডাৰত।
সুবৰ্ণ ৰজত ৰত্ন আনিয়া সমস্ত।৷