পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অসমীয়া মহাভাৰত।

স্বৰ্গাৰোহণ পৰ্ব্ব।

শ্ৰীকৃষ্ণায় নমো নমঃ
পাণ্ডৱ সকলৰ ৰাজ্য এড়ি স্বৰ্গলৈ যাত্ৰা

পদ

বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
সুভদ্ৰাক বৰ দিয়া ধৰ্ম্মৰ তনয়॥
তিনি ভ্ৰাতৃ লগে গৈয়া তথাতে থাকিলা।
কৃষ্ণ বিনে ক্ষুধা তৃষ্ণা নিদ্ৰায়ো এড়িলা॥ ১॥
নিশি অবসানে সূৰ্য্য উদয় ভৈলন্ত।
প্ৰাতসৰ ক্ৰিয়াচয় ৰাজা কৰিলন্ত।৷
দূত পাঞ্চি পাত্ৰ মন্ত্ৰী সবাকো চপাইল।
ধৌম্য পুৰোহিত লৈয়া শ্ৰাদ্ধ আৰম্ভিল॥ ২॥