পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৫ ]

    
ত—তলাতলি ঘৰ ৰংপুৰত
থ—থাপনাত সেৱা কৰা ভকত
দ—দানিয়ালৰ হাজোত কবৰ
ধ—ধনমাণিকৰ সোণৰ নগৰ
ন—নগাৰ হাতত কাঁড় তীৰ
 হাতত লাঠি ডাঙৰ বীৰ

    
প—পাতকাই পাহাৰ নৰাৰ দেশ
ফ—ফাকিয়ালৰ বৌধ বেশ
ব—বদন ফুকনে মান আনে
ভ—ভোমৰা কলিয়াই বঙাল হানে
ম—মণিৰাম বীৰ বৰ দেৱান
 ফাঁচিত গৈ ৰাখিলে দেশৰ মান