পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৪ ]

ঘ—ঘিলাজাৰত হাউলি নাই—
ঙ—বেঙে নাচে পানী পাই
 মাইহাঙত তুলি ভাত খায়

    
চ—চৰকা হাতত কাটে সূতা
ছ—ছাতি মূৰত, ভৰিত জুতা
জ—জয়সাগৰৰ পাৰত দৌল
ঝ—ঝাউগছত মাখিৰ বোল
—গোসাঞি গুৰুক সেৱা কৰা
 পিতাৰ আদেশ পালন কৰা

    
ট—টোকাৰী বায় ভকত জনে
ঠ—ঠগি ভৰাই চাউল আনে
ড—ডবা কবায় নাম ঘৰত
ঢ—ঢোল বজায় বিহু নাচত
ণ—কা-খোৱা পুথিৰ মধুৰ বুলি
 কাণপাতি শুনে লৰা-ছোৱালী