পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )


ব্ৰাহ্মণো ব্ৰাহ্মণী বালা বালকো বা সুতঃসুতা।
বিদায়ং কুৰুতে কোপাৎ দৃষ্ট্বা দুঃখ মবাপ্নুয়াৎ।

ব্ৰাহ্মণ, ব্ৰাহ্মণী, ছোৱালী, ল’ৰা, বা নিজৰ লৰাছোৱালীৰে যদি খং কৰি বিদায় লোৱা দেখে, তেন্তে তেওঁৰ কিবা দুঃখ হব বুলি জানিবা।

কুবেশ ৰূপং ম্লেচ্ছঞ্চ যম দূতম্ভয়ঙ্কৰং।
পাশহস্তাস্পাশ যুক্তং দৃষ্ট্া মৃত্যুং লভেন্নৰঃ।

কুৎচিৎ কাপোৰ পিন্ধা ব্ৰাহ্মণ ভিন্ন অন্য জাতি, মেলেছ মানুহে হাতত জৰি আৰু অস্ত্ৰ লৈ অহা দূত দেখিলে তেওঁৰ মৰণ হব।

কঙ্কঞ্চ শকুণং কাকং ভল্লুক বানৰং গৰং।
পূয়ং গাত্ৰ মলং স্বপ্নে কেবলং ব্যাধিকাৰণং।

কনুবা, শগুণ, কাউৰী, ভালুক, বান্দৰ, গড়, গাৰ পূঁয ও মলি এই বিলাক স্বপ্নত দেখিলে নিশ্চয় ৰোগ হয়৷

স্বপ্নে দৃষ্ট্ৰাচ তীৰ্থানি সৌধৰত্ন গৃহানিচ।
জয় যুক্তশ্চ ধনবান্ তীৰ্থস্নায়ী ভবেম্বৰঃ।

স্বপ্নত তীৰ্থ, পকাঘৰ সোণ আৰু ঘৰ দেখিলে তেওঁ জয় যুক্ত আৰু ধনী হৈ তীৰ্থ দৰ্শন কৰিবলৈ পায়।