পৃষ্ঠা:স্বপ্ন চৰিত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২২ )


গছ নাচ, ছাতি, জোতা এই বিলাক দেখে তেওঁৰ লক্ষ্মী বাঢ়ে।

দীপমন্নং ফলং পুষ্পং কন্যাং চক্ৰং ৰথং ধ্বজং।
যস্তু পশ্যতি স্বপ্নান্তে সলভেদুত্তমাং স্ত্ৰীয়ং॥

প্ৰদীপ, অন্ন, ফল, বগাফুল, কন্যা, চক্ৰ, ৰথ, ধ্বজ,এই বিলাক স্বপ্নত দেখিলে উত্তম স্ত্ৰী লাভ হয়।

যন্তু মধ্যে তড়াগস্য ভুঞ্জতে দধিপায়সং।
বিস্তীৰ্ণে পদ্ম পত্ৰেচ পাৰ্থিবোহসৌ নসংশয়ঃ।৷

যি জনে পুখুৰিৰ মাজত থাকি পদ্মপাত মেলি তাতে দৈ আৰু পায়স খায় তেওঁ ৰজা হয়।

॥ ★॥ অন্ত॥ ★॥