পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
স্ত্ৰী-পৰ্ব্ব।

তোমাৰ উপৰে,  আৰিয়া আছিল,
 চন্দ্ৰতাপ বিতোপন।
হেন ছন্দ্ৰতাপ,  এড়ি পইলা আজি,
 প্ৰচণ্ড ৰবি কিৰণ॥
তোমাৰ হেনয়, অৱস্থা দেখিয়া,
 কিমতে ধৰো জীৱন।
আপোন মৰণ, আপুনি চিন্তিলা,
 নধৰি কাৰো বচন৷
পূৰ্ব্বতে তোমাক,  বুলিলে বহুত,
 ভীষ্ম দ্ৰোণ সাধুজন।
পাণ্ডৱৰ সঙ্গে, বিবাদ কৰিবে,
 বুলিলা বাধা বচন॥
কাৰো কথা তুমি,  নুশুনিলা প্ৰভু,
 তাতে সে মৃত্যু তোমাৰ।
মোক অনাথিনী, কৰি স্বামীদেৱ,
 দিলাহা বিধবা ভাৰ॥
সহো কেনমতে, মৰণ তোমাৰ,
 নৰহে মোৰ জীৱন।
যমৰ পুৰত, সুমৰিবা মোক,
 নিয়ো লগে এতিক্ষণ॥
এহি বুলি শোকে, নিশ্বাস তেজন্ত,
 মনত আতি সন্তাপ।