পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
নাৰী পৰ্ব্ব।

শিখাৰ সিন্দৰ,  গুচাইলা মোহোৰ,
 ইতো জীৱনত ধিক্ ॥
বিধবা ভাৰক, কিমতে সহিবো,
 নপাইবোঁ কিঞ্চিত সুখ।
লোকৰ নিন্দিত, সহিবো কতেক,
 পাইবো মনে মহাদুঃখ॥
এহিবুলি সতী, দুই হাতে ধৰি,
 হানয় হিয়াত মুঠি।
কেশ ভৈল আউল,  যেহেন বাতুল
 ক্ষণে পৰে ক্ষণে উঠি॥
হাহা প্ৰাণস্বামী, আজি দেখো কেন,
 তযু বিপৰীত ভাৱ।
তোমাৰ সুন্দৰ, চন্দ্ৰ সমকান্তি,
 আতি সুকোমল গাৱ॥
দুগ্ধ ফেন সম, শীতল শয্যাত,
 নাসয় নিদ্ৰা তোমাৰ।
অসংখ্যা সুন্দৰী,  সেৱকিনী সবে,
 সেৱয় চৰণ যাৰ।
হেনয় শৰীৰ, মাটিৰ উপৰে,
 আজি ঘোৰ নিদ্ৰা আইলা।
তযু সেৱকীনি, ভৈল কাক গৃধ,
 সেৱক শৃগাল পাইলা॥