পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
নাৰী পৰ্ব্ব।

কাৰো বাক্য সিতো,  নুশুনিল কানে,
 ৰণকেসে কৈল সাৰ।
সিকাৰনে মই, মাৰিলো তাহাক,
 কি দোষ ভৈল আমাৰ॥
তাক নেমাৰিলে,  নাপাওঁ ৰাজ্য আমি,
 বঞ্চিত সকলো সুখে।
তুমি জানা আই,  দুঃখক লাগিয়া,
 কোনে বাঞ্চা কৰি থাকে॥
সুখৰ নিদানে,  সবাৰো বাঞ্চিত,
 সবেয়ো কৰে যতন।
সিকাৰণে আমি,  ধৰ্ম্মাধৰ্ম্ম এড়ি
 বধিলো তযু নন্দন॥
সমাজে নিয়া,  দ্ৰৌপদী দেবীক,
 দেখাইলা আপোন উৰু।
তাতেসে মোহোৰ,  দাৰুণ ক্ৰোধত,
 ভাঙ্গিলো তাহান উৰু॥
আপোন দোষত, অধৰ্ম্মৰ ফলে,
 সবে গৈল যন্ত্ৰলোক।
হেন জানি মাৱ, মনে অসন্তোষ,
 নকৰিবা তুমি মোক॥
শুনিবাহা আই, তোমাৰ চৰণে,
 এফেৰি কৰো গোচৰ।