পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
স্ত্ৰী পৰ্ব্ব।

দুঃশাসনে দ্ৰৌপদীৰ কেশত ধৰিলা।
সভা মাজে আনি তাঙ্ক বস্ত্ৰক কাঢ়িলা॥
জয়দ্ৰথ ৰাজাক পাঞ্চিলা দুৰ্য্যোধন।
বন হন্তে কৰি নিলে দ্ৰৌপদী হৰণ॥
মন দুঃখে বনত আছন্ত পঞ্চ ভাই।
দুৰ্ব্বাসাক দুৰ্য্য়োধনে দিলেক পঠাই॥
তথাপিতো পাণ্ডৱৰ ক্ৰোধ নজন্মিল।
তোমাৰ পুত্ৰক কিছু হিংসা নাছৰিল॥
সৈন্য সমে সাজি নৰপতি দুৰ্য্যোধন।
তীৰ্থ স্নানিবাক লাগি কৰিলা গমন॥
চিত্ৰসেন সমে ৰণ মিলিলেক তথি।
ৰণ জিনি বান্ধি নিলে গন্ধৰ্ব্ব নৃপতি॥
পাছে সেহি সমাচাৰ পাইলা পঞ্চভাই।
অৰ্জ্জুনে খেদিয়া গৈই আনিলে মেলাই॥
সিসব কথাক তুমি শুনিছা সতত।
সমূলি নাহিকে দোষ পাণ্ডুৰ পুত্ৰত॥
সমৰত অন্যায় কৰিলে দুৰ্য্যোধন।
ধৰ্ম্ম এড়ি অনিয়মে কৰিলেক ৰণ॥
অৰ্জ্জুনৰ পুত্ৰ ষোল বৰিষৰ শিশু।
সপ্ত ৰথি বেঢ়ি মাৰিলেক যেন পশু॥
পাছে পঞ্চ ভাই শোকে মনত ৰাগিলা।
প্ৰতিজ্ঞা সাম্ফলি কৌৰৱক সংহৰিলা॥