পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাৰী পৰ্ব্ব।


লোৱা মাধৱৰ নাম।  সিজিবে মনৰ কাম॥
মহাপাপ ধ্বংশ যায়।  এড়াইবা যমৰ দায়॥
কহে দীন ধৰ্ম্মেশ্বৰে।  হৰি ৰাম বোলা নৰে॥

পদ।

মুনিয়ে বোলন্ত শুনিয়োক জন্মিজয়।
পাছে আৰু বুলিলন্ত দৈবকী তনয়॥
শুনা কুৰুপতি তুমি বুলিলা পূৰ্ব্বত।
যেন মোৰ পুত্ৰ, তেন পাণ্ডৱৰ সুত॥
এবে কিয় পাসৰিলা সিসব বচন।
জানি লোহো খলৰ নোহয় শুদ্ধ মন॥
সুমৰিয়ো মহাৰাজ পৌৰাণি কথাক।
যত দুঃখ দিলা শিশু হন্তে পাণ্ডৱক॥
পঞ্চ ভাইত দোষ নাহি গুনি ঢোৱা মনে।
যত কৰ্ম্ম ভৈল তযু পুত্ৰৰ কাৰণে॥
শিশুকালে মাৰিবে উপায় চিন্তি মনে।
ভীমক খুৱাইলা বিষ দুষ্ট দুৰ্য্য়োধনে॥
অগণিত পুৰি মাৰো হেন মনে কৰি।
জৌগৃহ সাজিয়া থৈলা পাতিয়া নগৰি॥
শকুনিক কুট পাশা খেলবে বুলিলা।
ভাগ্য বশে যুধিষ্ঠিৰ সৰ্ব্বস্ব হাৰিলা॥

8