পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
নাৰী পৰ্ব্ব।

কোহো জনী লৈলা হাতে ধৰি আম্ৰ ডাল।
বিমুকুত কেশ কাৰো দেখি আউল জাউল॥
প্ৰথম যৌৱনী কতো দেখিতে উত্তম।
কতো জনী পূৰ্ণিমাৰ চন্দ্ৰো নোহে সম॥
ৰৌদ্ৰে ঘৰ্ম্ম বিন্দু উঠে শোভয় বৰণ।
সূৰ্য্যৰ কিৰণ পৰি প্ৰকাশে বদন॥
সূবৰ্ণ প্ৰতিমা সম কেশ মুক্ত মাথা।
কতো জনী নাৰীক দেখস্তে লাগে বেথা ॥
স্ত্ৰী সব সহিতে যাই অম্বিকা নন্দন।
আকাশৰ হন্তে চাহি আছে দেৱগণ॥
শোকে ধৃতৰাষ্ট্ৰ যাই অৱনত শিৰে।
পথে ভেট ভৈলা পাছে তিনি মহাবীৰে॥
কৃপ, কৃতবৰ্ম্মা, অশ্বথামা বীৰ সাৰ।
দিলা পৰিচয় নৃপতিক আপোনাৰ॥
পাছে অন্ধ নৰপতি বুলিলা বচন।
কোৱা গুৰু সুত শুনে কেনে ভৈল ৰণ॥
শুনি তিনি বীৰৰ যে হৃদয় শুখাইল।
চিন্তা দুঃখে মুখে তান বচন হৰিল॥
তিনিয়ো শোকত মহা তেজিল নিশ্বাস।
কৰষোৰে বুলিলন্ত চাপি তান পাশ॥
কি বুলিবো মহাৰাজ যেন ভৈল ৰণ।
মাতিবে খোজন্তে মুখে নোলাই বচন॥