পৃষ্ঠা:স্ত্ৰী-পৰ্ব্ব.djvu/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
স্ত্ৰী পৰ্ব্ব।

শৰাণাগতক নেৰিবাহা দেৱ হৰি।
ৰাখা মোক তোমাৰ দাসৰ দাস কৰি॥
মই ধৰ্ম্মেশ্বৰে প্ৰভু কৰিছো কাকুতি।
দিয়া হৰি তোমাৰ চৰণে মোক ৰতি॥
তযু চৰণৰ ভৃত্য বুলি কৰা দয়া।
দীনজনে মাগো প্ৰভু ভকতি অমিয়া॥
গুচায়োক হৰি মোৰ ভৱৰ আপদ।
তোমাৰ চৰণে মাগো ভকতি সম্পদ॥
বিধুৰ পিঠিত বসু স্থাপিবা হৰিষে।
তাত পাছে নেত্ৰ আৰু বানগণ শেষে॥
ইতো শঁকে শুক্ল পক্ষ ভৈল ফাল্গুনৰ।
দ্বাবিংশ দিৱস গত ভাৰ্গৱ বাসৰ॥
এই পুথি আজি মই কৰিলোহো শেষ।
দিবা অন্তে সন্ধ্যা আসি কৰিল প্ৰবেশ॥
শুনা সৰ্ব্বজনে ইতো ভাৰতৰ পদ।
ইহাক শুনিলে মহা গুচিব আপদ॥
বিষ্ণু বৈষ্ণৱৰ কথা ত্ৰৈলোক্যতে সাৰ।
যাক শুনি ভনি লোক তৰয় সংসাৰ॥
সাঙ্গো পাঙ্গে শুনা ইতো বৈষ্ণৱৰ কথা।
মূখৰ বচন বুলি নকৰা অন্যথা॥
হেন জানি কৃষ্ণৰ চৰণে দিয়া মন।
সমস্ত শাস্ত্ৰত পাইবা এহিসে বচন॥