পৃষ্ঠা:স্তুতি মালা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিশ্বেশ্বৰ স্তোত্ৰ।

তোমাৰ মহিমা কীৰ্ত্তন কৰিলে
 আনন্দে জগত ভৰে;
ভয়ত ৰাক্ষস পলায় লৱৰি
 সিদ্ধে নমস্কাৰ কৰে।
পৰা সদসৎ অনন্ত অক্ষৰ
 তুমিয়ে দেৱৰো দেৱ;
শ্ৰেষ্ঠ ব্ৰহ্মা হন্তে স্ৰজিছাও তুমি
 কিয় নকৰিব সেৱ।
সত্য শুদ্ধ তুমি নিত্য-নিৰঞ্জন
 বিশ্বৰ আদি নিধন;
জ্ঞাতা জ্ঞেয় তুমি অনন্ত স্বৰূপ
 সৰ্ব্বত্ৰে বিৰাজমান।
বিষ্ণু-অগ্নি-বায়ু শশাঙ্ক-বৰুণ
 ব্ৰহ্মাও তুমিয়ে যমো;
নমস্কাৰ কৰোঁ সহস্ৰেক বাৰ
 আৰু বাৰ নমো নমো।
সম্মুখ হইয়া আৰু পৃষ্ঠভাগে
 চাৰি পাশে নমস্কাৰ;
বীৰ্য্যত অনন্ত অনন্ত বিক্ৰম
 ব্যাপি আছা চৰাচৰ৷