এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
স্ততিমালা
ভস্মে দীপ্তিমান দেব পঞ্চানন
নীল কণ্ঠে শােভে অতি।
জটা জুট ধাৰী দেৱ ত্ৰিপুৰাৰি
শিৱ সত্য সনাতন;
জন্ম মৃত্যু জৰা আদি অন্ত হীন
বিশ্বৰ আদি কাৰণ।
তুমি বিশ্বেশ্বৰ জগত ঈশ্বৰ
তৰুণ কিঙ্কৰ আমি;
প্রভু আশুতােষ ক্ষমি মােৰ দোষ
উদ্ধাৰ কৰাহা স্বামী।
———০———
গীতাসাৰ স্তোত্র (১)৷
আদি অন্ত মধ্য নাই ব্যাপি আছা ভূমি,
দ্বাদশ আদিত্য মধ্যে বিষ্ণুৰূপ তুমি।
জ্যোতিৰ মধ্যত তুমি ৰবি অংশুমান,
বায়ুৰ মধ্যত তুমি মৰীচি প্রমাণ।
নক্ষত্ৰৰ মধ্যে দেৱ শশী প্রভাকৰ,
শ্রেষ্ঠৰ ভিতৰে আছা হয় শ্রেষ্ঠতৰ।
বেদৰ ভিতৰে সাম বাসব দেবৰ,
ইন্দ্ৰিয়ৰ মধ্যে মন চেতনা ভূতৰ।