এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
স্তুতিমালা
ঋষী যজ্ঞে জপে মুনি মৌন তপে
সন্ন্যাসী কৰ্ম্মক ন্যাসী;
গৃহী-গৃহবাসে সবে মুক্তি আশে
আছন্ত যাক উপাশি;
সেই দেৱদেৱ জগতৰ সেৱ
জানি জগতৰ স্বামী;
কৃপা বিনে তান গতি নাই আন
শৰণ পশিলোঁ আমি।
———০———
আশুতোষ স্তুতি।
দেৱ উমাপতি অগতিৰ গতি
গজছাল তযু বাস;
জটাৰ মধ্যত গঙ্গাৰ প্ৰবাহ
পাপ তাপ কৰা নাশ।
প্ৰভু মহেশ্বৰ দেবৰে ঈশ্বৰ
বিভূতিভূষিত অঙ্গ;
চন্দ্ৰ সূৰ্য্য অগ্নি তোমাৰ নয়ন
ভূতগণ তযু সঙ্গ।
সৰ্পৰ ভূষণ বৃষভ বাহন
তুমি ভবানীৰ পতি;