পৃষ্ঠা:সুৰভি.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৮৪)


ভৰি মাটিত নপৰেই; কিন্তু সেই বৈদিক আৰু পৌৰাণিক যুগৰ ঋষিসকলৰ পান আহাৰ কি আছিল আমি গমি পিটিকি চাইছোঁনে? তেওঁলোকৰ আশ্ৰম, সত্ৰ, যজ্ঞ, সামগান, তপোবন, সন্ধ্যা, গায়ত্ৰী আৰু ফল-মূল, ঘিউ, গাখীৰ আহাৰৰ কথা শুনিয়েই আমি সাত্বিক ভাবত নিমগন হৈ গদগদ হওঁ, কিন্তু তেওঁলোকৰ সোমৰস পান আৰু বৰবিহ মঙহ ভোজনৰ কথালৈ আমি পাহৰিও চকু নিদিওঁ।

 ‘আৰু এটা কথা মই শোধোঁ,— আমি যে আৰ্য্য, আৰ্য্য ভাল বামুণ, ডাঙৰ জাত কৰি গণ্ডপ মাৰি থাকোঁহক, এতিয়াই ধৰক যদি কোনোবাই কোনো উপায়েৰে বা খেতৰ-সাইজ কৰি স্বৰ্গৰ পৰা আমাৰ পূৰ্ব্বপুৰুষসকলক নমাই আমাৰ আগত আনি দিয়েহি, তেন্তে কি হব? ধৰক, আমাৰ ৰাজহুৱা নামঘৰতে ৰাজহুৱা সভা পাতি তেওঁলোকক আমি সোধ-পোছ কৰিবৰ দিহা কৰিলোঁ। প্ৰথমতে তেওঁলোকক সেৱা কৰি তেওঁলোকৰ আগত আঠুলৈ আমি তেওঁলোকৰ নাতি-পুতি বুলি আমাৰ চিনাকি দিলোঁ। কিন্তু ভালকৈ ভাবি কওকচোঁন, আমাক তেওঁলোকৰ নাতি-পাুতি বলি তেওঁলোকে সৈ কাঢ়িবলৈ লাজ নেপাব নে? কাৰণ, তেওঁলোক হল ডাঙৰ দীঘল শকত বলী আৰু বগা, আৰু আমি তাৰে ওলোটা। তেওঁলোকে বুলিব, এই তিলৌ- তিপৌ চুটি চাপৰ বাওনা পয়ালগা কলাখন কৰ পৰা আহি আমাৰ আগত ওলাই আমাৰ নাতি-পুতি বুলি চিনাকি দিছে! মেমেৰা কলা এইখন কেতিয়াও আমাৰ সতি-সন্ততি নহয়; ইহঁত, আমি তাহানি মৰিয়াই কিলাই পৰ্ব্বতে পাষণ্ডে খেদি দিয়া সেই কলা অসুৰ, দস্যু, দাস বৰ্ব্বৰবোৰৰ সন্তানহে, আমাৰ নহয়। দ্বিতীয়তে, আমি তেওঁলোকৰ মাত একেষাৰকে বাুজিব নোৱাৰোঁ আৰু, তেওঁলোকেও আমাৰ মাত বুজিব নোৱাৰে।আমি নগা ডফলাৰে সৈতে আঙ্গী-ভঙ্গী কৈ মনৰ ভাৱ সলনা-সলনি কৰাৰ দৰে তেওঁ লোকেও আমাৰে সৈতে কথা-বাৰ্ত্তা কবৰ চেষ্টা কৰিব লাগিব, নতুবা কথা বিসঙ্গতি। তৃতীয়তে, তেওঁলোকৰ গাৰ সাজ কাপোৰ আমাৰ গাৰ সাজ কাপোৰেৰে সৈতে সমূলী নিমিলিব। চতুৰ্থতে, তেওঁলোকৰ সৈতে আমি খোৱা-লোৱাত যোগ দিব নোৱাৰিম; দিলে আমাৰ জাত যাব; কাৰণ তেওঁলোকে বিধুতিয়ে ভৰিত চৰ্ম্মপাদুকাৰে অৰ্থাৎ গৰু ছালৰ জোতাৰেই খাবলৈ বহি যাব। খাবলৈ মঙ্গহৰ আঞ্জা বিচাৰিব যাৰ নাম কলে আমি ভূমি ছুই কৰ্ণত হাত দিব লাগিব, আৰু পিবলৈ সোমৰস অৰ্থাৎ এবিধ লাওপানী বিচাৰিব যাৰ বাবে আমি তেওঁলোকৰ ওচৰৰ পৰা উঠি গৈ নৈত জোবোৰা মাৰি পৰাচিত নহলে নচলিব। অৰ্থাৎ আমাৰ সেই পিতৃ-পুৰুষসকল, যাৰ নাম লৈ গণ্ডপ মাৰি গঙ্গাটোপ একোটা হৈ আমি ওফন্দি ফৰিছোঁ, আমাৰ পক্ষে অনাচৰণীয়; যাৰ নিশ্বা