পৃষ্ঠা:সুৰভি.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেওঁলোকে নিজৰ জাতৰ তিৰুতা লগত কিমান আনিছিল, সিও এটা ভাবিবৰ বিষয়। যূঁজাৰু মানুহে বিদেশত শত্ৰুৰে সৈতে যূঁজ কৰিবলৈ আহোঁতে পৰাপক্ষত লৰা তিৰুতা লগত লৈ নাহে, থৈহে আহে। তেন্তেনো ভাৰতবৰ্ষত তেওঁলোকৰ ভালেমান বৰ্ব্বৰ আদিবাসী ভাৰতীয় মানুহৰ ছোৱালী, ঘৈণী কৰি লৈ গৃহবাস কৰি আৰ্য্যবংশ বৃদ্ধি কৰা নাই বুলি কোনে ন দি কব পাৰে? “স্ত্ৰীবস্তং দূষ্কুলাদপি" সংগ্ৰহ কৰিলেও দোষে নোছোৱে বলি কৈ হিন্দু শাস্ত্ৰই বাটটো উজু কৰি থৈছেই। অতি পূৰণি কালৰ কথাকে নকও, বঙ্গদেশৰ ৰজা আদিশূৰে যেতিয়া কনৌজৰ পৰা বঙ্গদেশলৈ পঞ্চব্ৰাহ্মণ অনায়, সেই ব্ৰাহ্মণ কেইজন অকলসৰীয়া হৈ হে আহিছিল, লগত তেওঁলোকে নিজৰ দেশৰ পৰা লৰা তিৰুতা অনা নাছিল। বঙ্গদেশৰ হীন বামুণৰ ছোৱালী বিয়া কৰাইহে তেওঁলোকে প্ৰথমে গৃহবাস কৰিছিল। পিছত তেওঁলোকৰ সুখ সম্পদৰ কথা শূনিহে তেওঁলোকৰ আগৰ লৰা তিৰুতাবিলাক বঙ্গদেশলৈ আহে। বঙ্গদেশৰ বাঢ়ীয় আৰু বাৰেন্দ্ৰ এই দুই শ্ৰেণীৰ বামুণ এইদৰে হৈছে বুলি সকলোৱে জানে। আসামৰ বামুণ কলিতাও সেইদৰে কনৌজ, মিথিলা, বঙ্গদেশ আদি স্থানৰ পৰা অহাহে, এটাইবোৰ আসামৰ শিৰফুটা নহয় তেহেলৈ তেওঁলোকে ভীমটোকা গপ মাৰি যিমানেই ফুৰক। তেওলোক কনৌজ প্ৰভৃতি দেশব পৰা দুৰ্গম আসামত তীৰ্থাদি কৰিবলৈ আহোঁতে ‘পথে নাৰী বিবৰ্জ্জিতা’ হৈহে আহিছিল, অবলা ঘৈণীয়েকহঁতক লগত নিশ্চয় লৈ অহা নাছিল। গতিকে, তেওঁলোকে কামৰূপীয়া আৰু, আচাৰহীন আন আন হীন বামুণ শূদিৰৰ ছোৱালী বিয়া কৰাই গৃহবাস কৰিয়ে অসমীয়া ভো ভো বামুণ শুদিৰৰ লেখ বঢ়াইছিল, এইটো নুই কৰিলে নচলিব। তেন্তে নো আপোনাসকলে ইমানকৈ গপাই থকা জাতৰ চেকা গুচিল কেতিয়া, কেনেকৈ মোক বুজাই দিয়কচোন? যি বঙ্গালী আৰু, হিন্দুস্থানীৰ আমি চাটকে নসওঁ, যাক আমি ছেই-ছেই কৰি ফুৰোঁ, যাৰ হাতে ভাত খালে আমাৰ লৰাৰ জাত ‘জহন্নামে’ যায়, সেই শ্ৰেণীব বঙ্গালী আৰু, হিন্দুস্থানী আমাৰ ভিতৰৰ কতজনৰ পূৰ্ব্বপুৰুষ তাৰ ভূ ৰাখিছেনে নাই? যি পিতৃপূৰুষসকলৰ অৰ্থে আমি দিনৌ তৰ্পণ কৰিব লাগিছোঁ, ৯ পূৰুষৰ শৰাধ অতি সন্তৰ্পনে কৰিব লাগিছোঁ, সেই সকল কোন দেশৰ? নেপালৰ নে নবদ্বীপৰ, তাৰ সম্ভেদ ভালকৈ ৰাখিছেনে নাই? সেই দেখিহে কওঁ, আমাৰ আজিকালি অসমীয়া কেইটাৰ জাতৰ অপৰূপ ধাৰণাটোৰ গুৰিডোখৰ পচি খাই গৈছে, ঢোকা ভেজা নিদিলে আৰু সি ঠিয় হৈ থাকিব নোৱাৰাত পৰিছেহি। আমি আগৰ আৰ্য্য ঋষিসকলৰ সতি-সন্ততি বুলি নিজক ধন্য মানো; আপোনাৰ গোত্ৰ বশিষ্ঠ, মোৰ গোত্ৰ যমদগ্নি, তেও গোত্ৰ পৰাশৰ বুলি, অৰ্থাৎ সেই ঋষিসকলৰ বংশধৰ বলি গপত আমাৰ