পৃষ্ঠা:সুৰভি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬৯ )


গাটো সোণ বৰণীয়া  ওঠ কোৱাভাতুৰীয়া,
 দালিম-গুটীয়া সৰু দাঁত।
লোহৰালোহোৰ হাত  খৰচি নথকা মাত,
 খামুচীয়া ককালৰ জাত॥

খৰম জুৰীয়া ভৰি,  কলা চুলি থাকে পৰি,
 মেলি দিয়ে আঠুৰ তলত।
আমৰা-গুটীয়া চকু,  চেলাউৰি বেকা মাকো,
 কেকোজেকো নিতম্ব-ভৰত॥

 “তৰণিৰ মনত বৰ আশা, তেওঁ যেন অসমীয়া ভাল মানুহৰ ঘৰৰ আমোলা তিনিটা লৰা গজ্‌গজীয়াকৈ তেওঁৰ তিনিটা জোৱাঁই কৰি লবলৈ পায়। এই ওখ আশা পূৰণ কৰিবৰ সপক্ষে তৰণীৰ গাঁঠিত ধন, ভঁৰালত ধান, বাৰীত তামোল পাণ, গছত আম কঠাল, গোহালিত গৰু আৰু খলিত খীৰতী ম’হ আছিল। আৰু এইবোৰৰ উপৰুৱাকৈ কপালৰ বল আৰু বুদ্ধিৰ সম্বল থাকিলেই কাৰ্য্য সিদ্ধিৰ বাটত বিঘিনি নাথাকে। তেওঁ আউনীআটিত শৰণ লবৰে পৰা তেওঁৰ আচাৰ ব্যৱহাৰ অসমীয়া নৈষ্ঠিক হিন্দুতকৈও একাঠী চৰিছিল; তেনেস্থলত এনে সুবতাহ বৈ থাকোঁতেও, তেওঁ যদি পাল তৰি তেওঁৰ মনৰ আশা তৰী ভালকৈ এছোৱা উজাই লৈ যাব নোৱাৰে তেন্তে দায় কণা গোঁসাইৰ গাতহে, তেওঁৰ গাত নহয়।

 “তৰণিয়ে জীয়েক-কুনকী হাতীৰে ভাল মানুহৰ লৰা-মখনা ধৰিবলৈ কত ফান্দ পাতিছিল, কিন্তু পৰা নাছিল। তেওঁৰে নিচিনা এধাকেচেলুৱা জাতৰ কাৰবাক তেওঁ জোঁৱাই কৰিবলৈ বিচাৰিলে পোৱাত বৰ আটক নাছিল, কিন্তু তেনেবোৰত আকৌ তেওঁৰ মন নাখাইছিল। তেওঁ গুৰুঘৰত মাত-কথা শুনি অসমীয়াৰো অসমীয়া, ভকতীয়াৰো ভকতীয়া হৈছিল। সৰহ নকওঁ, তেওঁ কোনো নিভাঁজ অসমীয়াৰে আচাৰ ব্যৱহাৰত অলপ অচৰপ লৰক-ফৰক দেখিলেই ঠাট্টা নকৰি নেৰিছিল। —‘আগৰ মধুপুৰীয়াই খৰি ধুই খাইছিল, এতিয়াৰ মধুপুৰীয়াই ভৰি ধুইও নাখায়' এই ফকৰা চল পালেই তেওঁ মাতিছিল।

 “মাধৱে এজন ডাঙৰ উকিলৰ তৰণি হৈ কাছাৰিত দৰ্খাস্ত লেখি, গুচৰীয়া পদকীয়াৰ গোচৰৰ ‘তদ্বিৰ’ কৰি উদাৰভাৱে দুপইচা উপাৰ্জন কৰিছিল; কিন্তু খৰচৰ বেলিকা তেওঁ সেই উদাৰ ভাৱক চকোৱাৰ আৰত থৈ, আলহী সুধিবলৈ অনুদাৰ ভাৱক বাহিৰলৈ উলিয়াই দিছিল। আৰ্জিবৰ সময়ত তেওঁৰ হাতৰ মুঠি মেল খাইছিল, তলাৱা খোবোং হৈ পৰিছিল, কিন্তু খৰচ কৰিবৰ সময়ত তেওঁৰ আঙ্গগুলিৰ মাজৰ সুৰুঙাবোৰ মৰি পানী নসৰকা হৈছিল।